নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ধুমুহাৰ তাণ্ডৱত বিস্তৰ ক্ষতি, ব্যাহত বিদ্যুৎ যোগান

নিয়মীয়া বাৰ্তা, জোনাই, ২৫ এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আজি জোনাইতো অহা প্ৰবল বতাহ-বৰষুণ আৰু ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰে। ধুমুহাৰ প্ৰভাৱত জোনাইৰ ভিন্ন অঞ্চলত বহু পৰিয়ালৰ ঘৰ-বাৰী, মূল্যৱান গছ-গছনি আৰু বিদ্যুতৰ খুঁটা ক্ষতিগ্ৰস্ত হয়। বিশেষকৈ তেলেম, ডেকাপাম আদি অঞ্চলত ধুমুহাই অধিক তাণ্ডৱ চলাই বহু লোকৰ ঘৰ-বাৰীৰ ওপৰত প্ৰকাণ্ড গছ বাগৰি পৰি বিস্তৰ ক্ষতিসাধন হয়।
ইয়াৰ লগতে বহু ঠাইত ঘৰৰ চাল উৰি যোৱাৰ ঘটনাও সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইফালে, এই প্ৰবল বতাহ-ধুমুহাৰ ফলত জোনাইৰ বিভিন্ন প্ৰান্তত বিদ্যুতৰ খুঁটা আৰু তাঁৰত গছ বাগৰি পৰাত সমগ্ৰ অঞ্চলটোত বিদ্যুৎ যোগান ব্যাহত হৈ পৰিছে। ইফালে, পুৱা অহা প্ৰচণ্ড ধুমুহা-বতাহত ঘৰৰ টিনপাত মূৰত পৰি এগৰাকী মহিলা আঘাতপ্ৰাপ্ত হয়। মহিলাগৰাকী  জোনাই চমকং হাউলিপাম গাঁৱৰ নবীন নাৰ্জাৰীৰ পত্নী মংগলটি নাৰ্জাৰী। সমান্তৰালকৈ ডিমৌ, ভৈৰৱপুৰ, অকাজান, চিমেনমুখ আদি ভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা-বৰষুণে ভাঙি তহিলং কৰিলে প্ৰকাণ্ড গছ-গছনি ৷
You might also like