যুদ্ধৰ দুমাহৰ অন্তত পুনৰ ইৰানৰ বিমানবন্দৰত আৰম্ভ বিমান সেৱা
ডিজিটেল ডেস্ক, ২৫ এপ্ৰিল : যুদ্ধৰ বাবে প্ৰায় দুমাহ ধৰি আকাশী সীমা বন্ধ থকাৰ পাছত অৱশেষত স্বাভাৱিক হ’বলৈ আৰম্ভ কৰিছে ইৰানৰ বিমান সেৱা। সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, আমেৰিকাৰ সৈতে দ্বিতীয় পৰ্যায়ৰ আলোচনা আৰম্ভ হোৱাৰ আগতেই অস্থায়ীভাৱে তেহৰানত বিমান চলাচল পুনৰ আৰম্ভ কৰা হৈছে। ২৮ ফেব্ৰুৱাৰীৰ পিছত প্ৰথমবাৰৰ বাবে তেহৰান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বাণিজ্যিক উৰণ আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে। লগতে এই সপ্তাহতেই সম্পূৰ্ণৰূপে আকাশী সীমা মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে ইৰানে।
ইৰানৰ সংবাদ সংস্থাৰ মতে, তেহৰানস্থিত ইমাম খুমেনেই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ইস্তানবুল, ওমানৰ ৰাজধানী মাস্কাট আৰু ছৌদি আৰবৰ মদিনা নগৰলৈ বিমান ৰাওনা হৈছে। আন্তঃৰাষ্ট্ৰীয় উৰণ নিৰীক্ষণ সংস্থা ‘ফ্লাইট ৰাডাৰ ২৪’-ৰ প্ৰতিবেদন অনুসৰি, শনিবাৰে পুৱা ইস্তানবুলৰ উদ্দেশ্যে কমেও ৩খন বিমান উৰা মাৰিছে। উল্লেখযোগ্য যে ৮ এপ্ৰিলত ১৪ দিনীয়া যুদ্ধবিৰতি ঘোষণা কৰিছিল আমেৰিকাই। তাৰ পিছত ২১ এপ্ৰিলত অনিৰ্দিষ্টকালৰ বাবে যুদ্ধবিৰতি ঘোষণা কৰে ড’নাল্ড ট্রাম্পে। এই ঘোষণাৰ তিনি দিন পিছতে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পুনৰ মুকলি কৰে ইৰানে।
উল্লেখযোগ্য যে ২৮ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা এই যুদ্ধত ইৰানৰ সৰ্বোচ্চ নেতাসহ বহুতো শীৰ্ষ নেতৃত্বৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে ইজৰাইল-আমেৰিকা আৰু ইৰানৰ যুদ্ধ চলি থকা সময়ত তেহৰানৰ বহুকেইটা বিমানবন্দৰত আক্ৰমণ কৰা হৈছিল।