আজি ২৬ এপ্রিল, ব’হাগ মাহৰ ১২ তাৰিখ
দেওবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : পুনর্ব্বসু, যাত্রা : মধ্যম
মেষ : আজি শত্রু কমিব৷ ঘৰুৱা কামত উন্নতি হ’ব৷ ব্যৱসায়ত লাভজনক৷ শৰীৰত অলপ কষ্ট অনুভৱ হ’ব৷ বিদ্যাত শুভ৷ প্রেমত কষ্ট৷ শুভ ৰং–হালধীয়া, শুভ সংখ্যা–২৷
বৃষ : আজি দক্ষতা আৰু সন্মান বৃদ্ধি পাব৷ কর্মত উন্নতি৷ গোপন শত্রুৰ পৰা সাৱধান৷ শৰীৰ মধ্যম৷ বিদ্যাত শুভ৷ শুভ ৰং–বগা, শুভ সংখ্যা–৭৷
মিথুন : আজি ঘৰুৱা সমস্যাৰ পৰা অশান্তি হ’ব৷ ভ্রমণত কষ্ট৷ ব্যৱসায়–বাণিজ্যত সাৱধান৷ যান–বাহন ক্রয় কৰাৰ যোগ৷ শুভ ৰং–মেৰুন, শুভ সংখ্যা–৪৷
কর্কট : আজি কর্মস্থানত নতুন উৎসাহেৰে কাম কৰিব পাৰিব৷ বন্ধুবর্গৰ পৰা সাৱধান৷ অযথা খৰচ নকৰিব৷ প্রেমত বিবাহৰ যোগ৷ শুভ ৰং–গুলপীয়া, শুভ সংখ্যা–৫৷
সিংহ : আজি কর্মস্থানত মধ্যম ফল৷ বন্যপ্রাণীৰ পৰা সাৱধান হওক৷ দাম্পত্যত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ আপোনাৰ সৰলতাৰ সুযোগ আনে ল’ব পাৰে৷ শুভ ৰং–ছিলভাৰ, শুভ সংখ্যা–৩৷
কন্যা : আজি নতুন কর্মসংস্থাপনৰ বাট মুকলি হ’ব৷ গাড়ী, মাটি ক্রয় কৰিব পাৰিব৷ দাম্পত্যত শুভ৷ খং ত্যাগ কৰি চলিব৷ প্রেমত শুভ৷ শুভ ৰং–নীলা, শুভ সংখ্যা–৮৷
তুলা : আজি কর্ম আৰু আর্থিকত উন্নতি৷ সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব৷ শিক্ষার্থীসকলৰ শুভ৷ ব্যৱসায়ত সমস্যাই দেখা দিব৷ শুভ ৰং–ক্রীম, শুভ সংখ্যা–৯৷
বৃশ্চিক : আজি পাৰিবাৰিক দিশত সুখ–শান্তি বজাই থাকিব৷ কর্মস্থানত শুভ৷ বিদ্যাত মধ্যম৷ শৰীৰৰ প্রতি যত্ন লওক৷ প্রেমত আনন্দ৷ শুভ ৰং–সোণালী, শুভ সংখ্যা–৬৷
ধনু : আজি চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যোগ৷ অন্ধবিশ্বাস মনত নাৰাখিব৷ ব্যৱসায়ত মধ্যম ফল৷ শুভ ৰং–বেঙুনীয়া, শুভ সংখ্যা–২৷
মকৰ : আজি আর্থিকত অসুবিধা হ’ব পাৰে৷ কর্মস্থানত উন্নতি৷ বিদ্যাত শুভ৷ যান–বাহন ক্রয় কৰাৰ যোগ৷ শৰীৰ মধ্যম৷ প্রেমত সন্দেহ৷ শুভ ৰং–ক’লা, শুভ সংখ্যা– ৪৷
কুম্ভ : আজি কর্মক্ষেত্রত মধ্যম যদিও কিছু সমস্যা থাকিব পাৰে৷ দাম্পত্যত শুভ৷ আর্থিক, সম্পত্তি হানি হ’ব পাৰে৷ প্রেমত আনন্দ৷ শুভ ৰং–কমলা, শুভ সংখ্যা–৫৷
মীন : আজি শৰীৰ কিছু দুর্বল হ’ব পাৰে৷ কর্মক্ষেত্রত স্থান পৰিৱর্তনৰ যোগ৷ বিদ্যাত মধ্যম৷ প্রেমত বাধা৷ ব্যৱসায়ত শুভ৷ শুভ ৰং–ৰঙা, শুভ সংখ্যা–১৷