শিৱসাগৰ জিলাৰ ডিমৌৰ খৰাহাট অঞ্চলত এক নৃশংস আৰু কৰুণ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসাৰে, এগৰাকী মাতৃয়ে নিজ কন্যাক হত্যা কৰাৰ পিছত নিজেও আত্মহত্যাৰ চেষ্টা চলায়।
জানিব পৰা মতে, কল্পনা কালন্দী নামৰ মহিলা এগৰাকীয়ে তেওঁৰ ৪ বছৰীয়া কন্যা ৰুছীতা কালন্দীক দাৰে আঘাত কৰি হত্যা কৰাৰ অভিযোগ উঠিছে। ইয়াৰ পিছতে মহিলাগৰাকীয়ে নিজ ডিঙিত দাৰে আঘাত কৰি আত্মহত্যাৰ চেষ্টা চলোৱা বুলি জানিব পৰা গৈছে।
ঘটনাৰ পিছতে স্থানীয় ৰাইজে ততাতৈয়াকৈ মহিলাগৰাকীক উদ্ধাৰ কৰি ডিমৌ মডেল হাস্পতালত ভৰ্তি কৰে। পাছত ডিমৌ আৰক্ষী চিকিৎসালয়ত উপস্থিত হৈ মহিলাগৰাকীক নিজৰ জিম্মাত লৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে।
আনহাতে, মাতৃয়ে নিজৰ কন্যাক কিয় হত্যা কৰিব লগা হৈছিল সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য পোৱা হোৱা নাই। আৰক্ষীয়ে ঘটনাটোৰ সকলো দিশৰ ওপৰত তদন্ত আৰম্ভ কৰিছে আৰু তদন্ত সম্পন্ন হোৱাৰ পিছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।
এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্য আৰু শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে।
ডিজিটেল ডেস্ক, ২৭ এপ্ৰিল