নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শান্তিৰ স্বার্থত আমেৰিকাৰে পৰমাণু আলোচনাৰ বাবে ৰাজী ইৰান

ডিজিটেল ডেস্ক, ২৮ এপ্রিল : যুদ্ধবিধ্বস্ত দেশখনলৈ শান্তি ওভতাই অনাৰ স্বার্থত আমেৰিকাৰ সৈতে শান্তি আলোচনাত বহিবলৈ ৰাজী ইৰান৷ এই কথা জনাইছে ইৰানৰ সংবাদ মাধ্যমে৷ কিন্তু তাৰ পূর্বে ৱাশ্বিংটনে ২টা চর্ত মানি ল’ব লাগিব বুলি জনাই দিছে তহৰানে৷ এই চর্তসমূহ পূৰণ হ’লে তেওঁলোকে পৰমাণু আলোচনাত বহিবলৈ সন্মত৷

৪০ দিনৰ বেছি সময় ধৰি চলা ৰক্তক্ষয়ী যুদ্ধৰ পিছত সাময়িক যুদ্ধবিৰতিত সন্মত হৈছে ইৰান আৰু আমেৰিকা৷ সমাধান সূত্র উলিয়াবলৈ পাকিস্তানত শান্তি বৈঠকতো মিলিত হৈছে দুয়োখন দেশ, কিন্তু সেয়া ব্যর্থ হয়৷ এনে পৰিস্থিতিত শুনা গৈছিল যে পুনৰ আলোচনাত বহিব ইৰান আৰু আমেৰিকা৷ কিন্তু দুয়ো পক্ষৰ মতভেদৰ বাবে সেয়া এতিয়াও সম্ভৱ হৈ উঠা নাই৷ এই টনা–আঁজোৰাৰ মাজতে এইবাৰ আমেৰিকাক নতুন চর্ত বান্ধি দিলে ইৰানে৷

লেবাননৰ এটা সংবাদ মাধ্যমৰ সূত্রৰ খবৰ মতে, মধ্যস্থতাকাৰীসকলৰ জৰিয়তে তেহৰানে আমেৰিকাক জনাই দিছে যে পৰমাণু আলোচনাত বহিবলৈ হ’লে তেওঁলোকৰ দুটা চর্ত মানিব লাগিব৷ প্রথমতে ইৰান আৰু লেবাননত সম্পূর্ণৰূপে যুদ্ধ বন্ধ হ’ব লাগিব৷ লগতে নতুনকৈ যাতে সংঘাত সৃষ্টি নহয়, তাকো নিশ্চিত কৰিব লাগিব৷ দ্বিতীয়তে, হৰমুজ প্রণালীত আমেৰিকাই যি অৱৰোধ সৃষ্টি কৰি ৰাখিছে, তাক প্রত্যাহাৰ কৰিব লাগিব৷ যদি উপৰিউক্ত চর্ত দুটা ৱাশ্বিংটনে পূৰণ কৰে, তেনেহ’লে পৰমাণু আলোচনাত বহিব ইৰান৷

ইফালে, প্রস্তাৱটোক লৈ মুখ খুলিছে ৱাশ্বিংটনে৷ হোৱাইট হাউছৰ মুখপাত্র অলিভিয়া ৱেলছে কয়– ‘এইসমূহ সংবেদনশীল কূটনৈতিক আলোচনা৷ গতিকে, গণমাধ্যমত বিষয়সমূহক লৈ আমি কোনো মন্তব্য নকৰোঁ৷ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইতিপূর্বে জনাই দিছে যে ক্ষমতাৰ কেন্দ্রবিন্দুত আমেৰিকাই থাকিব৷ ৱাশ্বিংটনে কেৱল এনে এক চুক্তিতে স্বাক্ষৰ কৰিব, যিয়ে মার্কিন জনসাধাৰণক অগ্রাধিকাৰ দিব৷ ইৰানক পাৰমাণৱিক অস্ত্র নির্মাণৰ সুযোগ আমি নিদিওঁ৷’

উল্লেখযোগ্য যে যোৱা ২৮ ফেব্রুৱাৰীত আমেৰিকা আৰু ইজৰাইলী বাহিনীৰ যুটীয়া আক্রমণ আৰম্ভ হোৱাৰে পৰা ইৰানত যি অস্থিৰতাৰ সৃষ্টি হৈছে, সি সম্প্রতি সমগ্র মধ্যপ্রাচ্যতে বিয়পি পৰিছে৷ ইৰানে যুদ্ধৰ পৰিপ্রেক্ষিতত নিজৰ দখলত থকা হৰমুজ প্রণালী বন্ধ কৰি দিয়াত সমগ্র বিশ্বতে ইন্ধনৰ সৰবৰাহ ব্যাহত হৈ পৰাত বিশ্ব অর্থনীতি বাধাগ্রস্ত হৈ পৰিছে৷ এনে পৰিপ্রেক্ষিতত এতিয়া আলোচনাৰ মাধ্যমেৰে বিষয়টো সমাধানৰ বাবে বিশ্বৰ সকলো পক্ষই কামনা কৰিছে৷

You might also like