মৃত্যুদূতৰ ৰূপত ৰাজ্যৰ পথ–উপপথ–ৰাজপথ্৷ শেহতীয়াকৈ তামুলপুৰ জিলাৰ নোৱাখাতত সংঘটিত এক পথ দুর্ঘটনাত এটি বিহু দলৰ বিহুৱতী তথা নাগাৰা নামৰ শিল্পী নিশামণি হালৈ আৰু গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াত আকাংক্ষা শইকীয়া, পূজা সাহা আৰু আর্মিনা আহমেদ নামৰ তিনিগৰাকী প্রতিভাসম্পন্ন যুৱতীৰ পথ দুর্ঘটনাত হোৱা মৃত্যুৱে যেন ৰাজ্যৰ ৰাজপথত হোৱা পথ দুর্ঘটনাৰ ভয়াৱহতাৰ দিশটো উদঙাই দিছে৷
কি কাৰণত ৰাজ্যৰ ৰাজপথসমূহত এইদৰে ধাৰাবাহিক ৰূপত দুর্ঘটনা সংঘটিত হৈ বছৰি বছৰি বহু লোকে মৃত্যুবৰণ কৰিছে, তাৰ অধিক তদন্তৰ প্রয়োজনীয়তা আছে যদিও পথৰ কাষত গধুৰ গধুৰ মালবাহী ট্রাক–বাহনৰ পার্কিং, ৰাজপথ নির্মাণত বিসংগতি আদিবোৰ কাৰণতে ব্যাপক মাত্রাত পথ দুর্ঘটনা সংঘটিত হোৱাটো নিশ্চিত হৈছে৷
উল্লেখ কৰিব পাৰি যে শেহতীয়া পাঁচটা বর্ষত ৰাজ্যৰ ৰাজপথত ব্যাপক মাত্রাত পথ দুর্ঘটনা সংঘটিত হৈছে৷ ১০৮ইএমআৰআই গ্রীন হেলথ ছার্ভিচ নামৰ স্বাস্থ্য সেৱাখণ্ডৰ প্রতিষ্ঠানটোৰ তথ্য অনুসৰিয়ে ৰাজ্যত ২০২৫–২৬ বর্ষত সংঘটিত হৈছে মুঠ ৩০,৯৫৮টা পথ দুর্ঘটনা৷
আনহাতে, চলিত বর্ষৰ এপ্রিল মাহত ৰাজ্যত সংঘটিত হৈছে মুঠ ২,৭৫৩টা পথ দুর্ঘটনা৷ প্রতিষ্ঠানটোৰ তথ্য অনুসৰি, ৰাজ্যখনত ২০২১–২২ বর্ষত সংঘটিত পথ দুর্ঘটনাৰ সংখ্যা হ’ল ২২,৫২১টা৷ ২০২২–২৩ বর্ষত ইয়াৰ সংখ্যা হ’ল ২৯,৮২০টা৷ ২০২৩–২৪ বর্ষত ৰাজ্যত সংঘটিত হয় ২৯,৫৪২টা পথ দুর্ঘটনা৷ ২০২৪–২৫ বর্ষত সংঘটিত হয় ৩০,৯৭৭টা পথ দুর্ঘটনা আৰু ২০২৫–২৬ বর্ষত সংঘটিত পথ দুর্ঘটনাৰ সংখ্যা হ’ল ৩০,৯৫৮টা৷
স্মর্তব্য যে পথ দুর্ঘটনা সংঘটিত হোৱা জিলাসমূহৰ তালিকাৰ শীর্ষত আছে কামৰূপৰ গ্রাম্য জিলা৷ জিলাখনত ২০২১–২২ বর্ষত ২,৩৬৮টা, ২০২২–২৩ বর্ষত ৩,০৬২টা, ২০২৩–২৪ বর্ষত ২,৭০৭টা, ২০২৪–২৫ বর্ষত ২,৬৩৫টা আৰু ২০২৫–২৬ বর্ষত পথ দুর্ঘটনা সংঘটিত হৈছে ২,২২২টা৷ পিছপৰি থকা নাই কামৰূপ মহানগৰ জিলাও৷ জিলাখনত ২০২১–২২ বর্ষত সংঘটিত হৈছে ৯০৬টা, ২০২২–২৩ বর্ষত ১,৪৮৫টা, ২০২৩–২৪ বর্ষত ১,৪৮১টা, ২০২৪–২৫ বর্ষত ১,৭৮৭টা আৰু ২০২৫–২৬ বর্ষত সংঘটিত হৈছে ১,৫১৩টা পথ দুর্ঘটনা৷
স্মর্তব্য যে ১০৮ এমইআৰএছৰ তথ্য অনুসৰি, বিহুৰ কেইদিনত অর্থাৎ ১৩ এপ্রিলৰ পৰা ১৬ এপ্রিলৰ ভিতৰত ৰাজ্যত সংঘটিত হয় ৫১৮টাৰো অধিক পথ দুর্ঘটনা৷ ১৩ এপ্রিলৰ উৰুকাৰ দিনা ৯৯টা পথ দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ১৪ এপ্রিলৰ বিহুৰ দিনা সংঘটিত হয় অভিলেখসংখ্যক ১৪১টা পথ দুর্ঘটনা৷
ইফালে, ৰাষ্ট্রীয় পথ পৰিবহণ বিভাগেও ৰাজ্যৰ পথ দুর্ঘটনাক লৈ প্রকাশ কৰা তথ্যত উদ্বেগজনক তথ্য পৰিলক্ষিত হয়৷ ৰাষ্ট্রীয় পথ পৰিবহণ বিভাগে প্রকাশ কৰা তথ্য অনুসৰি, ২০২০ চনত পথ দুর্ঘটনাৰ সংখ্যা হ’ল ৬,৫৯৫টা, ২০২১ চনত ৭,৪১১টা, ২০২২ চনত ৭,০২৩টা, ২০২৩ চনত ৭,৪২১টা, ২০২৪ চনত ৭,৮৪৬টা, ২০২৫ চনত ৮,৮৯০টা৷
ৰাজ্যৰ ৰাজপথত পথ দুর্ঘটনা ৰোধ কৰিবৰ কাৰণে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে ৰাজপথৰ কাষৰ পৰা ৰখাই থোৱা গধুৰ ট্রাক বা বাহন আঁতৰাবলৈ নির্দেশ দিয়াৰ লগতে ৰাজপথৰ কাষত য’তে–ত’তে বাহন নৰখাবলৈ নির্দেশ দিছিল৷
কিন্তু এইক্ষেত্রত যান–বাহন আৰক্ষীৰ লগতে আৰক্ষী–জিলা প্রশাসনসমূহে অদ্যাপি কোনো ব্যৱস্থা লোৱা দেখা নাই৷ ৰাজপথত এনেদৰে গধুৰ বাহন ৰখাই থোৱাৰ পৰিণতিতে কালি মঠঘৰীয়াত এখন ছুইফ্ট ডিজায়াৰ বাহনে এখন ৪০৭ ট্রাকত খুন্দা মাৰিছিল, যাৰ পৰিণতিত ৰাজ্যৰ তিনিগৰাকীকৈ প্রতিভাৱান যুৱতীৰ মৃত্যু হোৱা বুলি স্পষ্ট হৈছে৷
অৱশ্যে ছুইফ্ট বাহনখনৰ অতিৰিক্ত গতিৰ কাৰণ আৰু ইয়াৰ আঁৰৰ কাহিনীয়েও দুর্ঘটনাটোৰ প্রকৃত কাৰণ নিশ্চিত কৰিব বুলি ধাৰণা কৰিব পাৰি৷
ডিজিটেল ডেস্ক, ২৮ এপ্রিল