নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশীপথত বিমান উৰণত সংকট! : চৰকাৰক কেইবাটাও দাবী  বিমান সংস্থাৰ

এভিয়েচন টাৰ্বাইন ফুৱেল (ATF)ৰ দ্ৰুত মূল্যবৃদ্ধিয়ে ভাৰতৰ বিমান উদ্যোগত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। Federation of Indian Airlines (FIA)-এ এই সন্দৰ্ভত নাগৰিক বিমান পৰিবহণ মন্ত্ৰালয়লৈ এক জৰুৰী পত্ৰ প্ৰেৰণ কৰি তৎকালীন সহায় বিচাৰিছে।

এই পত্ৰত Air India, IndiGo আৰু SpiceJet-ৰ দৰে মুখ্য বিমান সংস্থাসমূহে উল্লেখ কৰিছে যে যদি ATFৰ মূল্যত ৰেহাই প্ৰদান নকৰে, তেন্তে আগন্তুক দিনত বহু ফ্লাইট বাতিল কৰাৰ লগতে কিছুমান বিমানৰ উৰণ বাতিল কৰিব লগা পৰিস্থিতি সৃষ্টি হ’ব পাৰে।

জানিব পৰা মতে, পশ্চিম এছিয়াত চলি থকা যুদ্ধৰ ফলত Brent Crude Oilৰ মূল্য ৭২ ডলাৰৰ পৰা বৃদ্ধি পাই ১১৮ ডলাৰ প্ৰতি বেৰেললৈ উঠিছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ATFৰ মূল্যত পৰিছে। ATFৰ মূল্য ৮৭ ডলাৰৰ পৰা বৃদ্ধি পাই ২৬০ ডলাৰ প্ৰতি বেৰেলৰো অধিক হৈছিল, যি প্ৰায় ২৯৫ শতাংশ বৃদ্ধি। বৰ্তমান এই মূল্য প্ৰায় ২৩৫ ডলাৰ প্ৰতি বেৰেলৰ আশে-পাশে আছে।

ইয়াৰ উপৰি Crude Oil আৰু ATFৰ মাজৰ crack spread অভূতপূৰ্ব স্তৰত উপনীত হৈছে। পূৰ্বে ই ১১–১৮ ডলাৰৰ মাজত আছিল যদিও বৰ্তমান ই ১৩২ ডলাৰ প্ৰতি বেৰেললৈ বৃদ্ধি পাইছে। FIA-ৰ মতে, এইটো তেল কোম্পানীসমূহৰ অতিৰিক্ত লাভ আৰু ইয়াক যুক্তিসংগত বুলি ধৰা নাযায়।

উল্লেখযোগ্য যে সাধাৰণতে ATF বিমান সংস্থাৰ মুঠ ব্যয়ৰ ৩০–৪০ শতাংশ আছিল, কিন্তু বৰ্তমান ই ৫৫–৬০ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে ভাৰতীয় টকাৰ মান নিম্ন স্তৰত থকাৰ ফলত বিমান সংস্থাসমূহে দুগুণচাপৰ সন্মুখীন হৈছে।

এই পৰিস্থিতিত Federation of Indian Airlines-এ চৰকাৰৰ আগত তিনিটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে—

  1. ২০২২ চনৰ অক্টোবৰ মাহত প্ৰৱৰ্তিত crack band mechanism পুনৰ আৰম্ভ কৰা।
  2. দেশীয় বিমান সেৱাৰ বাবে ATFত থকা ১১ শতাংশ excise duty অস্থায়ীভাৱে উঠাই লোৱা বা স্থগিত কৰা।
  3. দিল্লী, তামিলনাডু, মুম্বাই, বেংগালুৰু, হায়দৰাবাদ আৰু কলকাতাৰ দৰে মুখ্য ৰাজ্যসমূহত ATFৰ ওপৰত থকা VAT হ্ৰাস কৰা।

বিমান সংস্থাসমূহে সতৰ্ক কৰি দিছে যে যদি তৎকালীন ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাসমূহ সম্পূৰ্ণৰূপে লোকচানত চলিব পাৰে আৰু যাত্ৰীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।

ডিজিটেল ডেস্ক, ২৮ এপ্ৰিল

You might also like