নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ এপ্রিল, ব’হাগ মাহৰ ১৫ তাৰিখ
বুধবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই

মেষ : আজি আপুনি পুৱাৰ ভাগত সাৱধান হোৱা উচিত৷ বিদ্যাত মধ্যম৷ দাম্পত্যত শুভ কর্ম সম্পাদন৷ শৰীৰৰ যত্ন লওক৷ আর্থিকত মধ্যম৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১৷

বৃষঃ আজি আপোনাৰ কর্মক্ষেত্রত কোনো দায়িত্ব পালন কৰি সুখ অনুভৱ৷ বিদ্যাত মধ্যম৷ ফুৰা–চকাৰ ক্ষেত্রত সতর্ক হ’ব৷ বন্বুূৰ ক্ষেত্রত সুখ লাভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৮৷

মিথুনঃ আজি আপুনি বিদ্যাৰ ক্ষেত্রত মনোযোগ দিয়ক৷ পাৰিবাৰিক ক্ষেত্রত মধ্যম ফল৷ বন্বুূ–বান্ধৱীৰ আগমন৷ ব্যৱসায়ত মধ্যম৷ শৰীৰ মধ্যম৷ শুভ ৰং মেৰুন, শুভ সংখ্যা ৭৷

কর্কটঃ আজি আপোনাৰ আর্থিকতব্যয় বৃদ্ধি৷ মনত উৎসাহ থাকিব৷ কিছু পৰিৱর্তনৰবাবে সুখী অনুভৱ কৰিব৷ বিদ্যাত মধ্যম৷ সু–সংবাদ৷ শুভ ৰংবগা, শুভ সংখ্যা ৮৷

সিংহঃ আজি আপোনাৰ কর্মক্ষেত্রত কিছু সমস্যাই দেখা দিব পাৰে৷ মানসিক ক্ষেত্রত মধ্যম৷ কোনো কাৰণত মনত দুখ পাব পাৰে৷ বিদ্যাত মধ্যম৷ প্রেমত সমস্যা থাকিব৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৯৷

কন্যাঃ আজি আপোনাৰ দিনটো ভালে নাযাব৷ কিবা নহয় কিবা সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ উৎসাহেৰে কোনো বার্তাৰ অপেক্ষা কৰিব পাৰে৷ শুভ ৰং নীলা, শুভ সংখ্যা ২৷

তুলাঃ আজি দিনটোত যোগ্যজনে আশা কৰা মতে ফল লাভ কৰিব পাৰে৷ কর্তব্যত নিজৰ দক্ষতা থাকিব৷ কোনো খবৰে মনটো চঞ্চল কৰিব পাৰে৷ বিদ্যাত মধ্যম৷ ভ্রমণত কিছু সমস্যা৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৪৷

বৃশ্চিকঃ আজি আপোনাৰ আশানুৰূপ ফল লাভ৷ দিনটো কিছু সমস্যাৰ মাজেৰে পাৰ হ’ব পাৰে৷ বিদ্যাত মধ্যম৷ খাদ্যৰ ক্ষেত্রত সতর্ক হওক৷ নতুন সংযোগৰ আশা৷ দাম্পত্যত মধ্যম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

ধনুঃ আজি আপোনাৰ কর্মব্যস্ততাবাঢ়িব৷ শৰীৰ মধ্যম৷ গুৰুত্বপূর্ণ কামত হাত দিয়াৰ আগত কিছু চিন্তা কৰি ল’ব৷ নতুন উদ্যম কিন্তু আর্থিকত ব্যয় বৃদ্ধি৷ প্রেমত মধ্যম৷ বিদ্যাত ভাল নাযাব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ২৷

মকৰঃ আজি আপোনাৰ আন দিনাতকৈ উন্নত৷ মনত দৃঢ়তা থাকিব৷ যোগাযোগৰ ক্ষেত্রত উপকৃত হ’ব৷ ব্যৱসায়ত ভাল ফল পাব পাৰে৷ বিদ্যাত মধ্যম৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৫৷

কুম্ভঃ আজি আপুনি আর্থিকত সতর্ক হওক৷ বন্বুূৰ বাবে সদ্ভাব থাকিব৷ আন দিনাৰ তুলনাত আজি কিছু উন্নত৷ শৰীৰ ভালেই যাব৷ শুভ ৰং কমলা, শুভ সংখ্যা৭৷

মীনঃ আজি আপোনাৰ সুযোগবা সহায়ৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰক লৈ চিন্তা থাকিব৷ যোগাযোগৰ ক্ষেত্রত সুফল আশা৷ বিদ্যাত বেয়া নহ’ব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ১৷

You might also like