গুৰুত্বপূৰ্ণ এক ৰায়দানত ফাষ্টট্ৰেক আদালতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ব্যৱহাৰ কৰা একাংশ ব্যক্তিৰ বেংক একাউণ্ট জব্দ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে।
আদালতৰ এই নিৰ্দেশৰ পিছতে তদন্ত প্ৰক্ৰিয়াত নতুন দিশ উন্মোচিত হোৱাৰ সম্ভাৱনা দেখা দিছে। তদন্তকাৰী সংস্থাই অভিযোগ অনুসৰি সিদ্ধাৰ্থ শৰ্মাৰ সৈতে জড়িত কিছুমান ব্যক্তিৰ বেংক একাউণ্ট ব্যৱহাৰৰ সন্দেহ প্ৰকাশ কৰিছিল।
আদালতৰ নিৰ্দেশ অনুসৰি সিদ্ধাৰ্থ শৰ্মা মালিকানাধীন ‘মহাবীৰ একুৱা’ নামৰ প্ৰতিষ্ঠানটিও জব্দৰ অন্তৰ্গত কৰা হৈছে।
উল্লেখযোগ্য যে, আদালতৰ এই ৰায়দানক তদন্ত প্ৰক্ৰিয়াৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হৈছে। তদন্তকাৰী পক্ষই এতিয়া জব্দ কৰা বেংক একাউণ্টসমূহৰ লেনদেনৰ বিৱৰণ পৰ্যালোচনা কৰি অধিক তথ্য সংগ্ৰহ কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
আদালতৰ এই সিদ্ধান্তৰ পিছত ঘটনাটোৰ তদন্ত অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
ডিজিটেল ডেস্ক, ২৯ এপ্ৰিল