নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিশুৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ LIC-ৰ বিশেষ Child Plan

শিশুৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ উদ্দেশ্যে LIC-এ বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি আৰম্ভ কৰিছে। এই আঁচনিসমূহৰ জৰিয়তে পিতৃ-মাতৃ নাথাকিলেও শিশুসকলৰ ভৱিষ্যৎ সুৰক্ষিত থাকিব পাৰে। এই আঁচনিবোৰৰ সহায়ত শিশুসকলে উচ্চ শিক্ষা সম্পূৰ্ণ কৰাৰ লগতে ভৱিষ্যতে বিবাহ আদি ডাঙৰ ব্যয়ো সহজে চম্ভালিব পাৰে। বিশেষকৈ তিনিখন আঁচনি— Jeevan Lakshya, Jeevan Tarun আৰু New Children’s Money Back Plan— বৰ্তমানে যথেষ্ট জনপ্ৰিয় হৈ উঠিছে।

জীৱন লক্ষ্য আঁচনি

এইটো একে সময়তে Protection আৰু Saving দুয়ো সুবিধা থকা আঁচনি। যদি পলিচিধাৰীৰ আকস্মিক মৃত্যু ঘটে, তেন্তে পৰিয়ালক প্ৰতি বছৰে নিশ্চিত টকাৰ এক অংশ প্ৰদান কৰা হয়। তাৰ লগতে পলিচিৰ ম্যাদ সম্পূৰ্ণ হ’লে Maturity Amount আৰু Bonus-ও লাভ কৰা যায়। এই আঁচনি বিশেষকৈ সেই পিতৃ-মাতৃৰ বাবে উপকাৰী, যিসকলে নিজৰ শিশুৰ শিক্ষা আৰু বিবাহৰ দৰে ডাঙৰ ব্যয় আগতেই সুৰক্ষিত কৰিব বিচাৰে।

জীৱন তৰুণ আঁচনি

এই আঁচনি বিশেষকৈ শিশুসকলৰ বাবে প্ৰস্তুত কৰা এক সঞ্চয় আঁচনি। যেতিয়া শিশু ২০ বছৰ বয়সত উপনীত হয়, তেতিয়া এই আঁচনিৰ অধীনত টকাৰ প্ৰদান আৰম্ভ হয় আৰু ২৫ বছৰ বয়সলৈ বিভিন্ন ধৰণে আৰ্থিক সহায় প্ৰদান কৰি যায়। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে উচ্চ শিক্ষা আৰু কৰিয়াৰৰ আৰম্ভণিৰ বাবে এক শক্তিশালী তহবিল তৈয়াৰ কৰা।

নিউ চিল্ড্ৰেন্স মানী বেক আঁচনি

এই আঁচনিৰ জৰিয়তে নিৰ্দিষ্ট সময়ত টকা লাভ কৰিব পাৰি। এই আঁচনি অনুসাৰে শিশুৰ বয়স ১৮, ২০ আৰু ২২ বছৰ হ’লে নিশ্চিত টকাৰ কিছু অংশ প্ৰদান কৰা হয়। তাৰ পাছত ২৫ বছৰ বয়সত বাকী টকা আৰু Bonus একেলগে লাভ কৰা যায়। এই আঁচনিৰ এক বিশেষ সুবিধা হৈছে— যদি পলিচিধাৰীৰ মৃত্যু ঘটে, তেন্তে প্ৰিমিয়াম মাফ কৰা হয়, কিন্তু শিশুৱে সকলো সুবিধা লাভ কৰি থাকে।

সামগ্ৰিকভাৱে এই তিনিখন আঁচনি শিশুসকলৰ শিক্ষা, কেৰিয়াৰ আৰু ভৱিষ্যৎ জীৱন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক বুলি বিবেচিত হৈছে।

ডিজিটেল ডেস্ক, ২৯ এপ্ৰিল

You might also like