ডিজিটেল ডেস্ক, ১ মে’ : বশিষ্ঠ আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ অভিযান চলাই দুটা দুৰ্ধৰ্ষ চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। গ্ৰেপ্তাৰ হোৱা চোৰ দুটা হৈছে হাজোৰ আছমত আলী আৰু নমাইলৰ বিমল চেত্ৰী।
জানিব পৰা মতে, নমাইলৰ এটা বাসগৃহৰ পৰা কাঁহ-পিতলৰ সামগ্ৰী, চিলিণ্ডাৰ আদি বহু মূল্যৱান বস্তু চুৰি কৰিছিল চোৰ দুটাই। ঘটনাটোৰ পাছতে বশিষ্ঠ আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আৰম্ভ কৰি মাত্ৰ ৬ ঘণ্টাৰ ভিতৰতে অভিযান চলাই দুয়োকে গ্ৰেপ্তাৰ কৰে।
আৰক্ষীৰ জেৰাত অভিযুক্ত দুটাই গুৱাহাটীৰ বিভিন্ন স্থানত আগতেও চুৰিকাৰ্য সংঘটিত কৰাৰ কথা স্বীকাৰ কৰিছে।