নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ধনৰ বিনিময়ত বহিঃৰাজ্যৰ ভুৱা শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰৰ বেহা

নিয়মীয়া বাৰ্তা, ধুবুৰী, ১  মে’ : ধুবুৰী আৰক্ষীৰ অভিযানত ধনৰ বিনিময়ত তামিলনাডু আৰু অন্যান্য ৰাজ্যৰ শিক্ষা ব’ৰ্ডৰ ভুৱা মাৰ্কশ্বীট প্ৰদান কৰা এটা চক্ৰ উৎখাত হোৱা বুলি জানিব পৰা গৈছে।

দৰাচলতে ধুবুৰীৰ আমবাগান খলিলপুৰৰ সাগৰ ঘোষ নামৰ ছাত্ৰ এজনে স্থানীয় বিদ্যাপাৰা লৰাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্তি কৰিবলৈ গৈ জমা দিয়া শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেটখনক লৈ বিদ্যালয় কৰ্তৃপক্ষৰ সন্দেহ ওপজে আৰু আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ছাত্ৰজনক সোধা-পোছা কৰাৰ পিছত উৰহী গছৰ ওৰ ওলায় আৰু ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝাগৰাৰপাৰ অঞ্চলৰ ডোঙেৰপাৰৰ ইংলিছ এডুকেচন একাডেমী নামৰ ব্যক্তিগত খণ্ডৰ অনলাইন শিক্ষানুষ্ঠানত অভিযান চলাই বহুকেইখন ভুৱা, ফটা মাৰ্কশ্বীট আৰু আপত্তিজনক নথি-পত্র উদ্ধাৰ কৰাৰ লগতে  কেইবাটাও লেপটপ আৰু কম্পিউটাৰ জব্দ কৰে আৰক্ষীৰ দলটোৱে।

উল্লেখ্য যে বৰ্তমানলৈকে ভুৱা মাৰ্কশ্বীট যোগান ধৰা চক্ৰটোৰ মূল খলনায়ক তথা প্ৰতিষ্ঠানটোৰ স্বয়ম্ভু সঞ্চালক জাহিদুল হুছেইন পলাতক অৱস্থাত আছে। ইপিনে, সমগ্ৰ ঘটনাটো আৰক্ষীয়ে ভালদৰে তদন্ত কৰিলে আগলৈ গৈ ৰৌ-বৰালিও জালত পৰাৰ সম্ভাৱনা থকা বুলিও মত প্ৰকাশ কৰিছে স্থানীয় একাংশ মহলে।

You might also like