নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৱন খেড়াক উচ্চতম ন্যায়ালয়ৰ সকাহ, অগ্ৰিম জামিন মঞ্জুৰ

ডিজিটেল ডেস্ক, ১ মে’ : কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ কৰিলে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে আগতে তেওঁৰ অগ্ৰিম জামিন আবেদন নাকচ কৰাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল খেড়া।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেড়াক এই বৃহৎ সকাহ প্ৰদান কৰি শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তেওঁক আগতীয়া জামিন প্ৰদান কৰে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই খেড়াৰ বিৰুদ্ধে মানহানি আৰু জালিয়াতিৰ গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে পূৰ্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁৰ আগতীয়া জামিন আবেদন নাকচ কৰিছিল আৰু তাৰ পিছতেই খেড়াই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই তেওঁ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। আজি এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰে আদালতে। বিচাৰপতি জে কে মাহেশ্বৰীৰ বিচাৰপীঠত এই শুনানি অনুষ্ঠিত হয়। এই শুনানিত জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে খেড়াৰ হৈ আদালতত যুক্তি আগবঢ়ায়।

উল্লেখ্য যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই খেড়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। সেই অনুসৰি অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

You might also like