নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰপেটা আৰক্ষীৰ বৃহৎ সফলতা, মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কেইবালাখ টকা

ডিজিটেল ডেস্ক, ১ মে’ : বৰপেটা আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সফলতা। অভিযান চলাই মাটিত পুতি থোৱা অৱস্থাত চাৰি লাখ নিৰান্নবৈ হাজাৰ পাঁচশ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।

উল্লেখ্য যে বৰপেটা চহৰৰ গলিয়া হাটীৰ বাসিন্দা জগদীশ তালুকদাৰৰ ঘৰৰ পৰা কিছুদিন পূৰ্বে বৃহৎ পৰিমাণৰ নগদ ধন আৰু অন্যান্য সামগ্ৰী চুৰি হৈছিল। এই ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে এদিন পূৰ্বে নুৰুল ওৰফে গেদা নামৰ এজন দুৰ্ধৰ্ষ চোৰক আটক কৰে।

পাছত চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত গান্ধী নগৰ অঞ্চলত অভিযান চলায় আৰক্ষীয়ে। সেই অভিযানতেই মাটিত পুতি থোৱা অৱস্থাত চাৰি লাখ নিৰান্নবৈ হাজাৰ পাঁচশ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান আৰক্ষীয়ে অভিযুক্ত নুৰুলক গ্ৰেপ্তাৰ কৰি অধিক তথ্য লাভৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

You might also like