বৈঠালাংছʼত বন্যহস্তীৰ আক্ৰমণত যুৱকৰ মৃত্যু
বৈঠালাংছʼৰ ৰজা গাঁৱত নিশা এক শোকাৱহ ঘটনা সংঘটিত হয়। বনৰীয়া হাতীৰ আক্ৰমণত সঞ্জয় দাস নামৰ এজন যুৱকৰ থিতাতে মৃত্যু ঘটে।
প্ৰাপ্ত তথ্য অনুসৰি, ৰজা গাঁৱৰ কলনী অঞ্চলত নিশাৰ সময়ত হঠাতে এটা বনৰীয়া হাতীয়ে আক্ৰমণ চলায়। সেই সময়তে ঘটনাস্থলীত উপস্থিত থকা সঞ্জয় দাসে হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে প্ৰাণ হেৰুৱায়।
ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় আৰু স্থানীয় ৰাইজে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। ৰাইজৰ অভিযোগ অনুসৰি, অঞ্চলটোত বনৰীয়া হাতীৰ উপদ্ৰৱ দিনক দিনে বৃদ্ধি পাইছে যদিও বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই।
ইপিনে, ঘটনা সন্দৰ্ভত বন বিভাগে তদন্ত আৰম্ভ কৰিছে আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
ডিজিটেল ডেস্ক, ২ মে’