নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমালোচকক উত্তৰ দিয়াৰ কোনো প্রয়োজন নাই, ভেপিং কাণ্ডক লৈ মুখ খুলিলে ৰিয়ান পৰাগে

ডিজিটেল ডেস্ক, ৩ মে’ : পঞ্জাব কিংছৰ বিৰুদ্ধে নিউ চণ্ডীগড়ত অনুষ্ঠিত মেচত সংঘটিত ভেপিং কাণ্ডক লৈ প্রথমবাৰৰ বাবে মুখ খুলিলে ৰাজস্থান ৰয়েলছৰ অধিনায়ক, অসম সন্তান ৰিয়ান পৰাগে৷ শুকুৰবাৰে জয়পুৰত দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচখনত ৯০ ৰানৰ বিস্ফোৰক ইনিংছ খেলে ৰিয়ান পৰাগে৷

শেহতীয়াকৈ ক্রিকেট বিশ্বত চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে অসম তনয় ৰিয়ান পৰাগ৷ বিশেষকৈ খেলৰ মাজতে ড্রেছিং ৰুমত ভেপিং কৰাক লৈ সমালোচনাৰ সন্মুখীন হৈছে ৰিয়ান পৰাগ৷ কিন্তু শুকুৰবাৰে বেটেৰে যোগ্য প্রত্যুত্তৰ দিয়ে ৰিয়ানে৷ ফর্মলৈ ঘূৰি আহি ৰিয়ানে কয় যে তেওঁ সমালোচকক উত্তৰ দিয়াৰ কোনো প্রয়োজন নাই, বৰঞ্চ তেওঁৰ কাম হ’ল নিজৰ দলক জয়ী কৰা৷ অৱশ্যে মেচখনত দিল্লী কেপিটেলছৰ হাতত ৭ উইকেটত পৰাস্ত হয় ৰাজস্থান৷

মেচৰ শেষত ৰিয়ান পৰাগে কয় যে মই নাভাবোঁ যে কোনো সমালোচক বা কোনোবাই (ভেপিং সম্পর্কে) কৈ থকা কথাবোৰৰ উত্তৰ দিয়াৰ মোৰ কোনো প্রয়োজন আছে৷ দিনটোৰ শেষত মোৰ কাম হ’ল দুটা পহণ্ট অর্জন কৰা৷ গতিকে যদি আমি মেচখন হাৰোঁ, তেন্তে মোৰ ব্যক্তিগত স্ক’ৰ বা ইনিংছৰ কোনো বিশেষ গুৰুত্ব নাথাকে৷

দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৯০ ৰানৰ ইনিংছৰ পূর্বে পৰাগে ৯টা ইনিংছত ১১৭ ৰান সংগ্রহ কৰিছিল, য’ত ৰিয়ানৰ পূর্বৰ সর্বাধিক স্ক’ৰ আছিল ২৯ ৰান৷ কিন্তু শুকুৰবাৰে সকলোকে প্রত্যুত্তৰ দিয়ে ৰিয়ানে৷

You might also like