ডিজিটেল ডেস্ক, ৩ মে’ : হাইভ’ল্টেজ নির্বাচনী সমুখ সমৰৰ পাছত এইবাৰ আৰম্ভ হৈছে অসমত নতুন চৰকাৰ গঠনৰ কাউণ্ট–ডাউন৷ পৰৱর্তী ৫ বছৰৰ বাবে ৰাজ্যৰ শাসনৰ বাঘজৰী কোনে হস্তগত কৰিব– শাসকীয় বিজেপি মিত্রজোঁটে নে কংগ্রেছ নেতৃত্বাধীন বিৰোধী ঐক্যই? ইয়াৰ প্রত্যাশিত ফলাফললৈ মাজতে মাত্র কেইটামান ঘণ্টা ৷
নির্বাচন আয়োগৰ পূর্বনির্ধাৰিত সূচী অনুসৰি সোমবাৰে (৪ মে’) অনুষ্ঠিত হ’ব ভোটগণনা৷ সেইদিনাই ৰাজ্যৰ ৩৫ জিলাৰ ৪০টা ভোটগণনা কেন্দ্রত শাসক-বিৰোধী–নির্দলীয় ৭২২ প্রার্থীৰ ভাগ্য নির্ণয় হ’ব৷ ফলাফলৰ পূর্বে ইতিমধ্যে বিভিন্ন সমীক্ষাকাৰী সংস্থাৰ এগ্জিট প’ল প্রকাশ পাইছে৷
লক্ষণীয়ভাৱে মেট্রিজ, ইণ্ডিয়া টুডে’–এক্সিছ মাই ইণ্ডিয়া, জেভিচি–টাইমছ নাও, পিপল্ছ পাল্ছ, প’ল ডায়েৰী, চাণক্য ষ্ট্রেটেজিছ, পিএমআৰকিউ, পিপল্ছ ইনছাইট, এনডি টিভি, প্রজা প’ল, ভোট ভাইব, টুডে’জ চাণক্যকে ধৰি প্রতিটো সংস্থাই পূর্বাভাস দিছে– ৮০খনতকৈও অধিক আসন লাভেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা অর্জন কৰি ক্রমাগতভাৱে তৃতীয়বাৰলৈ অসমত চৰকাৰ গঠন কৰিব বিজেপি মিত্রজোঁটে৷
ইয়াৰ বিপৰীতে বিৰোধী ঐক্যই এই এগ্জিট প’ল সম্পূর্ণৰূপে নস্যাৎ কৰিছে৷ ৭০খনতকৈও অধিক আসন লাভ কৰি এইবাৰ দিছপুৰ দখলৰ দাবী কৰি আহিছে কংগ্রেছ–অজাপ–ৰাইজৰ দলসহ বিৰোধী ঐক্যৰ নেতৃবৃন্দই৷ এনে প্রেক্ষাপটত সমগ্র বিষয়টো স্পষ্ট হ’ব সোমবাৰৰ ভোটগণনাৰ অন্তত৷ নির্বাচনক লৈ শাসক–বিৰোধী উভয় শিবিৰে ভোটগ্রহণৰ পিছত কৰা পাটীগণিতৰ অংকৰ সমাধান সূত্র কি হয়, সেয়া ইভিএমত বন্দী জনাদেশে কাইলৈ স্পষ্ট কৰিব৷ ইতিমধ্যে নির্বাচন আয়োগে ভোটগণনাৰ বাবে সকলোধৰণৰ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে৷ বিশেষকৈ সমগ্র প্রক্রিয়াটো যাতে স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন কৰিব পৰা যায়, তাৰ ওপৰত প্রধানতঃ গুৰুত্ব আৰোপ কৰিছে নির্বাচন আয়োগে৷
পূর্বে উল্লেখ কৰি অহা হৈছে যে ৪০টা কেন্দ্রত সম্পন্ন হ’ব ভোটগণনা৷ কোকৰাঝাৰ, তিনিচুকীয়া আৰু যোৰহাট জিলাত দুটাকৈ ভোটগণনা কেন্দ্রৰ ব্যৱস্থা কৰাৰ বিপৰীতে নগাঁও জিলাত থাকিব তিনিটা৷ বাকী জিলাসমূহত এটাকৈ ভোটগণনা কেন্দ্রৰ পৰিকল্পনা কৰা হৈছে৷ ৰাজ্যৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে এজনকৈ অর্থাৎ ১২৬জন কাউণ্টিং অবজাৰভাৰ নিয়োগ কৰিছে নির্বাচন আয়োগে৷ তদুপৰি ভোটগণনাত নিয়োজিত থাকিব ৫,৯৮১জন বিষয়া আৰু ২,৩৪৮জন মাইক্র’ অবজাৰভাৰ৷
নির্বাচন আয়োগৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি নিৰাপত্তাৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে৷ সম্প্রতি ষ্ট্রং ৰুমসমূহৰ লগতে ভোটগণনাৰ বাবে মোতায়েন কৰা হৈছে কেন্দ্রীয় সশস্ত্র বাহিনীৰ ২৫টা কোম্পানীৰ উপৰি বিশেষ সশস্ত্র আৰক্ষী বাহিনীৰ ১৩টা কোম্পানী আৰু এটা প্লাটুন৷ ইয়াৰ উপৰি ষ্ট্রং ৰুমসমূহত ৮০০ আৰক্ষী জোৱান নিয়োজিত হৈ আছে৷ লগতে ষ্টেটিক ডিউটীত কেন্দ্রীয় সশস্ত্র বাহিনীৰ দুটা, জিলাসমূহত অসম আৰক্ষীৰ বিশেষ সশস্ত্র বাহিনীৰ ৯৩টা কোম্পানী আৰু ৮৫ কমাণ্ডোক সাজু কৰি ৰাখিছে নির্বাচন আয়োগে৷
গুৰুত্বপূর্ণ কথাটো হ’ল যে এইবাৰ বিধানসভা নির্বাচনত অভিলেখসংখ্যক ৮৫.৩৮ শতাংশ ভোটদান হৈছে অসমত৷ ইয়াৰ পূর্বে ২০০১ চনত ৭৫.১৬, ২০০৬ চনত ৭৫.৭২, ২০১১ চনত ৭৬.০৫, ২০১৬ চনত ৮৪.৬৪ আৰু ২০২১ চনৰ বিধানসভা নির্বাচনত ভোটদানৰ হাৰ আছিল ৮২.০২ শতাংশ৷ সেইফালৰ পৰা চাবলৈ গ’লে এইবাৰৰ নির্বাচনী ফলাফল যথেষ্ট আকর্ষণীয় হ’ব বুলি ধাৰণা কৰিব পাৰি৷ এনে অৱস্থাত অন্তিম মুহূর্তত কোনে শেষ হাঁহি মাৰে সেয়া সোমবাৰৰ ভোটগণনাৰ দিনটোৱে নির্ধাৰণ কৰিব৷