নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰুপেটীয়াৰ আৰিমাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

ডিজিটেল ডেস্ক, ৩ মে’ : দৰং জিলাৰ খাৰুপেটীয়া থানাৰ অন্তৰ্গত ৩ নম্বৰ আৰিমাৰীৰ শান্তি বজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। শালপতিয়ে হত্যা কৰিলে শালপতিক। জানিব পৰা মতে, আক্কাচ আলী নামৰ এজন ব্যক্তিক মহম্মদ আলীয়ে ছুৰীৰে আক্ৰমণ কৰি নিৰ্মমভাৱে হত্যা কৰে।

ঘটনাৰ পিছতে গুৰুতৰভাৱে আহত আক্কাচ আলীক তৎক্ষণাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

মৃতকৰ পৰিয়ালৰ লোকে জনোৱা মতে, এই হত্যাকাণ্ডটো প্ৰেমজনিত কাৰণতে সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। ঘটনাৰ পিছতে এলেকাটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ইফালে, অভিযুক্ত মহম্মদ আলী বৰ্তমান পলাতক অৱস্থাত আছে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে। মৃতকৰ পৰিয়ালৰ লোকে এই ঘটনাৰ ন্যায়ৰ দাবী কৰিছে।

You might also like