ডিজিটেল ডেস্ক, ৩ মে’ : দিল্লীৰ বিবেক বিহাৰৰ এটা চাৰি মহলীয়া অট্টালিকাত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে পুৱতি নিশা ৩.৪৮ বজাত অগ্নিকাণ্ডৰ তথ্য লাভ কৰে। ভয়াৱহ অগ্নিকাণ্ডৰ খবৰ লাভ কৰি ১৪খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয়।
অগ্নিকাণ্ডৰ সময়ত অট্টালিকাটোৰ বাসিন্দাসকল নিদ্ৰাত আছিল। ফলত বহু লোক জুইৰ মাজত আবদ্ধ হৈ পৰে। প্ৰাথমিকভাৱে জানিব পৰা মতে, ঘটনাত ৯জন লোকৰ মৃত্যু হৈছে। লগতে বহু লোক আহত হৈছে। বহু প্ৰচেষ্টাৰ অন্তত পুৱা প্ৰায় ৬:২৫ বজাত জুই নিয়ন্ত্ৰণ কৰা হয় যদিও উদ্ধাৰ অভিযান অব্যাহত থাকে।
প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, স্থানীয় লোকৰ তৎপৰতাত অধিকাংশ বাসিন্দাক নিৰাপদে বাহিৰলৈ উলিয়াই অনা হয়। ঘটনাত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
প্ৰত্যক্ষদৰ্শীৰ মতে, তেওঁলোকে কেইবাটাও শক্তিশালী বিস্ফোৰণৰ শব্দ শুনিছিল। প্ৰাথমিকভাৱে ধাৰণা কৰা হৈছে যে এ চি বিস্ফোৰণৰ ফলতেই এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু তাৰ পিছতে জুই দ্ৰুতগতিত বিস্তাৰিত হয়।