জালুকবাৰী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এক বৃহৎ বিজয় লাভ কৰিছে। তেওঁ এইবাৰ ৮০,২৩৫টা ভোটৰ বৃহৎ ব্যৱধানত জয়ী হৈ সমষ্টিটোত নিজৰ শক্তিশালী স্থিতি পুনৰ প্ৰমাণ কৰিলে।
নির্বাচনত ড০ শৰ্মাই মুঠ ১,১২,১৮৬টা ভোট লাভ কৰে। আনহাতে তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগে লাভ কৰে ৩১,৯৫১টা ভোট। এই ফলাফলে দুয়ো প্ৰাৰ্থীৰ মাজত ভোটৰ বিশাল ব্যৱধান স্পষ্ট কৰি তোলে।
উল্লেখযোগ্য যে এইবাৰ ড০ হিমন্ত বিশ্ব শৰ্মা ষষ্ঠবাৰলৈ জালুকবাৰী সমষ্টিৰ পৰা জয়ী হ’ল। দীৰ্ঘদিন ধৰি এই সমষ্টিত তেওঁৰ জনপ্ৰিয়তা অব্যাহত থকাৰ লগতে উন্নয়নমূলক কাম-কাজ আৰু ৰাজনৈতিক অভিজ্ঞতাই তেওঁক পুনৰ জয়ৰ শিখৰত উপনীত কৰিছে বুলি ৰাজনৈতিক মহলে মন্তব্য কৰিছে।
এই ফলাফলৰ পিছত বিজেপি কৰ্মীসকলৰ মাজত আনন্দৰ ঢৌ দেখা গৈছে। সমষ্টিৰ বিভিন্ন স্থানত বিজয় উল্লাস পালন কৰা হৈছে।
ডিজিটেল ডেস্ক, ৪ মে’