অংগ–কলিংগৰ পিছত বংগ জয়েৰে জনসংঘৰ প্রতিষ্ঠাপক শ্যামাপ্রসাদ মুখার্জীৰ সপোন পূৰণ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু অমিত শ্বাহৰ সু–নেতৃত্বই৷ মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছৰ ১৫ বছৰীয়া শাসনৰ বাঘজৰী ওফৰাই বংগত ঐতিহাসিক বিজয়ধ্বজা উৰুৱালে বিজেপি নেতৃত্বাধীন এনডিএই৷ দীর্ঘদিনীয়া পৰিকল্পনাৰে তৃণমূলক ধূলিসাৎ কৰি পশ্চিমবংগত বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন দখলেৰে সমগ্র দেশবাসীক আচৰিত কৰি তুলিলে৷
এইবাৰ ৫খন ৰাজ্যৰ বিধানসভা নির্বাচনৰ ভিতৰত বিজেপিৰ বাবে পশ্চিমবংগৰ নির্বাচন আছিল অগ্নিপৰীক্ষাসদৃশ৷ সমগ্র দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা বংগত বিজেপিয়ে আৰম্ভণিৰে পৰা কৌশলী স্থিতি গ্রহণ কৰা পৰিলক্ষিত হয়৷
বংগ কন্যা মমতা বেনার্জীয়ে পশ্চিমবংগত ‘খেলা হবে’ বুলি শ্ল’গান আওৰাই এইবাৰ নিজেই পৰিল ৰণত৷ ভৱানীপুৰ সমষ্টিত এনডিএ প্রার্থী শুভেন্দু অধিকাৰীৰ হাতত ১৫,১১৪টা ভোটৰ ব্যৱধানত পৰাজিত হয় মুখ্যমন্ত্রী মমতা বেনার্জী৷
২৯৪খন আসনৰ ভিতৰত ২৯৩খন আসনৰ ফলাফল ঘোষণা কৰা হয়৷ বাতৰি লিখা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, পশ্চিবংগত এনডিএই ২০৬খন, তৃণমূলে ৮১খন, অন্যান্যই ৪খন আৰু নির্দলীয়ই ২খন আসনত অগ্রগতি লাভ কৰিছে৷ এনডিএৰ ২০১খনত বিজয় নিশ্চিত হৈছে৷
কেৱল মমতা বেনার্জীয়েই নহয়, ২২৬খন আসন দখলৰ সপোন দেখা তৃণমূল কংগ্রেছৰ বহু ৰথী–মহাৰথী এইবাৰ ৰণত পৰাত ১০০খন আসনৰ ডেওনাও পাৰ হ’বলৈ সক্ষম নহ’ল শাসনাধিষ্ঠিত দলটো৷ এইবাৰৰ নির্বাচনত তৃণমূল কংগ্রেছৰ পৰাজিত মন্ত্রী আৰু শীর্ষ নেতৃত্বৰ ভিতৰত বিত্তমন্ত্রী চন্দ্রিমা ভট্টাচার্য, দেৱাশিস কুমাৰ, অৰূপ বিশ্বাস, শশী বিশ্বাস, শিক্ষামন্ত্রী ব্রাত্য বসু, বেচেৰাম মান্না, ইন্দ্রনীল সেন, সুজিত বসু,উদয়ন গুহ আৰু মলয় ঘতক উল্লেখযোগ্য৷
প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহৰ পৰা আদি কৰি বিজেপিৰ সকলো ৰাষ্ট্রীয় নেতৃবর্গই বিগত প্রায় এবছৰ ধৰি বংগৰ জনতাক মমতা বেনার্জীৰ বিৰুদ্ধে জনমত গঠন কৰাত সফল হ’ল৷ বংগত বিজেপিৰ বৃহৎ জয়ৰ মূলতে ধর্মীয় মেৰুকৰণৰ প্রসংগ উত্থাপন হৈছে৷ বিশেষকৈ এনডিএ প্রার্থী শুভেন্দু অধিকাৰীয়ে আৰম্ভণিৰ পৰা চলোৱা হিন্দুত্বৰ প্রচাৰ, গৃহমন্ত্রী অমিত শ্বাহে প্রতিখন সভাত আওৰাই থকা নাগৰিক সংহিতাৰ প্রতিশ্রুতিৰ লগতে বাঙালী মধ্যবিত্ত হিন্দুসকলৰ মাজত বাংলাদেশী অনুপ্রৱেশকাৰী আৰু ৰোহিংগ্যাৰ প্রতি ভয় যোগাই তোলাটোৱে বিশেষভাৱে ক্রিয়া কৰা পৰিলক্ষিত হয়৷
একেদৰে হিন্দু আৰু মুছলমান ভোটাৰৰ মাজত বিভাজন আনিও বিজেপিয়ে এইবাৰ নিজৰ পক্ষত নির্বাচনৰ ফলাফল আনিবলৈ সক্ষম হয়৷ বহু হিন্দু ভোটাৰে বাংলাদেশীপ্রীতি প্রদর্শন কৰা তৃণমূলৰ বিৰুদ্ধে এইবাৰ মাৰ বান্ধি বিজেপিক ভোটদান কৰে৷
তদুপৰি, তৃণমূলৰ ১৫ বছৰীয়া শাসনৰ বিৰুদ্ধে এইবাৰৰ নির্বাচনত প্রতিষ্ঠানবিৰোধী ঢ়ৌ স্পষ্ট ৰূপত প্রতিফলিত হয়৷ বিশেষকৈ ৰাজ্যখনত দেখা দিয়া নিবনুৱা সমস্যা, বৃহৎ উদ্যোগৰ অভাৱ, নিযুক্তিত হোৱা দুর্নীতি, বাট–পথৰ দুৰৱস্থাই সাধাৰণ জনতাৰ মাজত ক্ষোভৰ সৃষ্টি কৰে৷ সমান্তৰালভাৱে ১৫ বছৰে শাসনত থকাৰ বাবেই তৃণমূলৰ নেতা–পালিনেতাৰ গুণ্ডামিয়েও সাধাৰণ জনতাক বিগত সময়ত অতিষ্ঠ কৰিছিল৷ ধন দাবী, উৎকোচ আৰু ছিণ্ডিকেটৰ সমস্যায়ো ভয়াৱহ ৰূপ লৈছিল পশ্চিমবংগত৷
ইয়াৰ পৰিত্রাণ বিচাৰি বংগৰ জনতাই বিজেপিক বিকল্প হিচাপে বাছনি কৰা বুলি ৰাজনৈতিক বিশ্লেষকসকলে মতপোষণ কৰিছে৷ এইবাৰৰ নির্বাচনত পশ্চিমবংগত বিজেপিয়ে পূর্বতে কৰি অহা ভুলৰ পৰা শিক্ষা লৈ সন্তর্পণে আগবঢ়া পৰিলক্ষিত হয়৷ পূর্বতে বিজেপিৰ নেতাসকলে সভাই–সমিতিয়ে কেৱল মুখ্যমন্ত্রী মমতা বেনার্জীক সমালোচনা কৰি আহিছিল৷ এই কথাই বিতুষ্ট কৰিছিল বংগবাসীক৷
কিন্তু নির্বাচনৰ পূর্বৰে পৰা গৃহমন্ত্রী অমিত শ্বাহে দলীয় কার্যকর্তাসকলক এইক্ষেত্রত সম্পূর্ণ নিয়ন্ত্রণ কৰে৷ নির্বাচনী প্রচাৰৰ সময়ত মমতা বেনার্জীক মূলতঃ আক্রমণ কৰাৰ পৰিৱর্তে বিজেপিয়ে তৃণমূল চৰকাৰৰ প্রশাসনিক ব্যর্থতাক ৰাইজৰ আগত তুলি ধৰিবলৈ উঠিপৰি লাগে৷
যাৰ বাবে মমতা বাহিনীয়েও বিজেপিক লক্ষ্য কৰি লোৱাত ব্যর্থ হয়৷ পশ্চিমবংগত বিজেপিৰ অভূতপূর্ব সফলতাৰ আন এটা কাৰণ অতি ভদ্র আৰু অমায়িক ব্যক্তি সৌমিক ভট্টাচার্যক ৰাজ্যিক বিজেপিৰ সভাপতি নির্বাচন কৰাটো বুলিও একাংশই মতপোষণ কৰিছে৷
তদুপৰি, জয় শ্রীৰাম ধ্বনিৰ পূর্বে জয় মা কালী শ্ল’গান আওৰাই বিজেপিয়ে বাঙালী ভোটাৰৰ অন্তৰ জয় কৰিবলৈ সক্ষম হয়৷ প্রধানমন্ত্রীয়ে জালমুৰি খোৱা, হুগলী নৈত নৌকা বিহাৰৰ দৃশ্যয়েও সাধাৰণ লোকসকলক নির্বাচনত বিজেপিৰ প্রতি আকর্ষিত কৰে৷ বংগত বিজেপিৰ চমকপ্রদ বিজয়ত নির্বাচন আয়োগে বিধানসভা নির্বাচনৰ পূর্বে জাৰি কৰা এছআইআৰ–য়েও যথেষ্ট সহায় কৰে বুলি চর্চা চলিছে৷
ইয়াৰ ফলত বহু অবৈধ আৰু ভুৱা ভোটাৰৰ নাম কর্তন হয়৷ এই ভুৱা ভোটাৰসকল একপক্ষীয়ভাৱে শাসনাধিষ্ঠিত চৰকাৰৰ পক্ষত আছিল বুলি চর্চা চলিছিল৷ উল্লেখ্য যে ১৯৫১ চনত শ্যামাপ্রসাদ মুখার্জীয়ে জনসংঘ প্রতিষ্ঠা কৰিছিল৷ সেয়াই আছিল বিজেপিৰ আধাৰ৷ ১৯৫০ চনত নেহৰুৰ মন্ত্রীসভাৰ পৰা পদত্যাগ কৰি জনসংঘ প্রতিষ্ঠা কৰাৰ পিছত ১৯৫২ চনৰ মে’ মাহত তেওঁ দক্ষিণ কলকাতা সমষ্টিৰ পৰা বিপুল ভোটৰ ব্যৱধানত লোকসভালৈ নির্বাচিত হৈছিল৷ তেতিয়াই বীজ অংকুৰিত হোৱা বিজেপিয়ে ২০১৬ চনৰ আগলৈকে বংগত নিশ্চিহ্ণপ্রায় অৱস্থাত আছিল৷
২০১৬ চনৰ বিধানসভা নির্বাচনত বিজেপিয়ে বংগত তিনিখন আসন লাভ কৰিছিল৷ ২০১৯ চনৰ লোকসভা নির্বাচনত ১৮খন আসন দখলেৰে ৰাজ্যখনত একপ্রকাৰ বিজেপিৰ শক্তি বৃদ্ধি পায়৷ ২০২১ চনৰ বিধানসভা নির্বাচনত বিজেপিয়ে লাভ কৰিছিল ৭৭খন আসন৷ বিগত সময়ত শক্তিশালী বিৰোধী শক্তি হৈ পৰা বিজেপিয়ে এইবাৰ দুই শতাধিক আসন দখল কৰি বংগৰ মছনদ দখল কৰাই নহয়, একপ্রকাৰ ইতিহাসো ৰচনা কৰে৷ শেহতীয়া তথ্য অনুসৰি, মুখ্যমন্ত্রী মমতা বেনার্জীয়ে পৰাজয় স্বীকাৰ কৰি সন্ধিয়া ৰাজভৱনলৈ গৈ মুখ্যমন্ত্রী পদৰ পৰা পদত্যাগ কৰে৷
ডিজিটেল ডেস্ক, ৫ মে’