নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনি লক্ষাধিক টকা ব্যয়ৰে বাইহাটা চাৰিআলিৰ সহস্ৰাধিক পৰিয়ালক সাহায্য অমৃত ডেকাৰ

নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ এ আৰ ফুৱেল ইন্নৰ স্বত্বাধিকাৰী তথা বৰপলহাৰ উচচশিক্ষিত সক্ৰিয় সমাজকৰ্মী সুপ্ৰতিষ্ঠিত ব্যৱসায়ী অমৃত ডেকাই মঙলবাৰে দিনৰ ভাগত সহস্ৰাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰে । বাইহাটা চাৰিআলিৰ বৰপলহা,ক্ষুদ্ৰপলহা,গোগ,ভোমোলাহাটী আৰু খেহেনীপাৰা এই পাঁচখন গাঁৱৰ ৰিক্সাচালক ঠেলাচালক, হাজিৰা কৰ্মী,চানাচুৰ ব্যৱসায়ী,চবজি ব্যৱসায়ী আদি নিম্ন আয়ৰ সহস্ৰাধিক পৰিয়ালৰ কাষত থিয় দিয়ে ডেকা । ডেকাৰ লগতে তেওঁৰ পত্নী আৰু বিভাগীয় বিষয়া এগৰাকীয়ে ফুৱেল ইন্নৰ চৌহদত এই মহৎ কামৰ শুভাৰম্ভ কৰে । ইয়াত শিক্ষক সৰোজ ডেকাই আঁত ধৰে । ইয়াৰ পিছত বিভিন্ন বাহনৰে সামগ্ৰী সমূহ কঢ়িয়াই প্ৰায় ২০/২৫ স্থানত বিতৰণ কৰা হয় । এই দৰিদ্ৰ পৰিয়াল সমূহৰ প্ৰতিটোকে ২ কিলোগ্ৰামকৈ চাউল, ১ কিলোগ্ৰামকৈ আলু আৰু দাইল, ২০০ মিলি লিটাৰকৈ মিঠাতেল, আধা কিলোগ্ৰামকৈ নিমখ , চিৰা ৫০০ গ্ৰামকৈ,চেনী ৫০০ গ্ৰামকৈ, ছয়াবিন ১০০ গ্ৰামকৈ ,চাবোন ১ টুকুৰাকৈ তথা পিয়াজ আদি প্ৰদান কৰা হয় । বৰপলহা তৰুণ যুৱক সংঘৰ লগতে সৰোজ কুমাৰ ডেকা, সুশীল নাথ,তপন নাথ, চৈতন্য তালুকদাৰ, বিটু নাথ,দিনেশ নাথ, দেবানন নাথ, দিপা‌ংকৰ তালুকদাৰ, মুকুট নাথ, ৰুবুল কাজি, অজিত বেজ , দীপজ্যোতি,নব,লক্ষী,অভিজিতে বিতৰণত সহযোগ কৰে । জানিব পৰামতে এই সামগ্ৰী সমূহৰ ক্ৰয় খৰচ হৈছে তিনি লক্ষাধিক টকা ।

You might also like