নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একমাত্ৰ হিন্দু বিধায়কেৰে ১৯টা সমষ্টি দখল কংগ্ৰেছৰ

কালি ঘোষণা কৰা হল অসম বিধানসভা নিৰ্বাচনৰ ফলাফল। এই ফলাফল একপক্ষীয়ভাৱে বিজেপি মিত্ৰজোঁটৰ ফালে গল। মিত্ৰজোঁটে ১০২খন আসনত নিজৰ শক্তি প্ৰদৰ্শন কৰিলে। বিজেপিয়ে ৮২, অগপই ১০ আৰু বিপিএফে ১০খন লাভ কৰিবলৈ সক্ষম হল। কিন্তু ইয়াৰ বিপৰীতে কংগ্ৰেছৰ অৱস্থা হৈ পৰিল তথৈবচ। উজনি-উত্তৰ অসমত কংগ্ৰেছ একেবাৰে নিশ্চিহ্ন হোৱাৰ বিপৰীতে নামনি সংখ্যালঘু অধ্যুষিত অঞ্চলতহে যেন দলটোৱে অস্তিত্ব বজাই ৰাখিলে। কংগ্ৰেছে ১৯খন আসন লাভ কৰিলে। কিন্তু মন কৰিবলগীয়া কথাটো কংগ্ৰেছে লাভ কৰা ১৯ আসনৰ ভিতৰত মাত্ৰ এগৰাকীহে হিন্দু বিধায়ক থাকিল। তেওঁ হল নাওবৈচাৰ জয়প্ৰকাশ দাস। বাকী ১৮গৰাকীয়ে সংখ্যালঘু বিধায়ক। এই দিশটোৱে নিশ্চিতভাৱে কংগ্ৰেছক এক সংখ্য়ালঘুপ্ৰীতিৰ দল হিচাপে প্ৰতিষ্ঠিত হল। সংখ্যালঘু অঞ্চলৰ পৰা বিজয়ী হৈ হোৱা বিধায়কসকল হল-

    • লাহৰীঘাট সমষ্টিত- ড° আছিফ মহম্মদ নাজাৰ
    • ৰূপহীহাট সমষ্টিত- নুৰুল হুদা
    • চামগুৰি সমষ্টিত- তাঞ্জিল হুছেইন
    • পূব গোৱালপাৰা সমষ্টিত- এ কে ৰছিদ আলম
    • সৃজনগ্ৰাম সমষ্টিত- মঃ নুৰুল ইছলাম
    • পৰ্বতঝোৰা সমষ্টিত- মঃ আশ্ৰাফুল ইছলাম শ্বেইখ
    • গৌৰীপুৰ সমষ্টিত- আব্দুছ সোবাহন আলী সৰকাৰ
    • ধুবুৰী সমষ্টিত- বেবী বেগম
    • মানকাচৰ সমষ্টিত- মহিবুৰ ৰহমান
    • জলেশ্বৰ সমষ্টিত- আফতাব উদ্দিন মোল্লাহ
    • চেঙা সমষ্টিত- আব্দুৰ ৰহিম আহমেদ
    • পাকা বেতবাৰী সমষ্টিত- জাকিৰ হুছেইন শিকদাৰ
    • ছমৰীয়া সমষ্টিত- ৰেকিবুদ্দিন আহমেদ
    • সোণাই সমষ্টিত- আমিনুল হক লস্কৰ।
    • আলগাপুৰ-কাটলিচেৰা সমষ্টিত- মঃ জুবেইৰ আলম
    • উত্তৰ কৰিমগঞ্জ সমষ্টিত- জাকাৰিয়া আহমেদ
    • দক্ষিণ কৰিমগঞ্জ সমষ্টিত- আমিনুৰ ৰছিদ চৌধুৰী
    • বীৰসিং জৰুৱা সমষ্টিত- ৱাজেদ আলী চৌধুৰী

আৰু একমাত্ৰ হিন্দু বিধায়ক নাওবৈচা সমষ্টিত- ড° জয়প্ৰকাশ দাস।

ডিজিটেল ডেস্ক, ৫ মে’

You might also like