নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ ৪ সমষ্টিত বিজেপি ২, কংগ্ৰেছৰ ২ আসনত জয়লাভ

২০২৬ বিধান সভা নিৰ্বাচনৰ জনাদেশৰ উৎকন্ঠাৰ ওৰ পেলাই সমগ্ৰ ৰাজ্য লগতে গোৱালপাৰা জিলাতো চাৰি সমষ্টিৰ বিজয়ী প্ৰাৰ্থীৰ সমৰ্থকৰ মাজত আনন্দ উল্লাসত সীমা নোহোৱা হয়। জিলা খনৰ চাৰিটা সমষ্টিৰ ভিতৰত ১২নং জলেশ্বৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আফতাৰ উদ্দিন মোল্লায়ে ১,০০,৩৫৩টা ভোটেৰে অভিলেখ ভোটত জয় যুক্ত হয়। ‌সমষ্টিটোত ই ভি এমত মুঠ ভোট দান হৈছিল ২৩৩,৯১১টা আৰু পোষ্টেল ভোট আছিল ৪৬৮টা ভোটক লৈ মুঠ ২৩৪,৩৭৯ টা ভোট। কংগ্ৰেছ প্ৰাৰ্থী আফাতাৰ উদ্দিন মোল্লাই ১,৬২,১৭৪টা ভোট লাভ কৰে। তেওঁৰ নিকততম প্ৰতিদ্বন্দ্বী এ আই ইউ ডি এফৰ প্ৰক্ষেপিত প্ৰাৰ্থী শ্বেখ শ্বাহ আলমে ৫২,৪৮৬টা ভোট লাভ কৰি পৰাজয় বৰন কৰে।

গোৱালপাৰা ১৩নং পশ্চিম সমষ্টিত বিজেপি প্ৰাৰ্থী পৱিত্ৰ ৰাভাই ৯২,২১৬টা ভোট লাভ কৰি বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হয়। তেওঁৰ  নিকততম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ  মাৰ্কলিন মাৰাক ৫২,২৯৯টা ভোট লাভ কৰাত ২৭ বছৰীয়া অসম বিধান সভাৰ অতি কনিষ্ঠতম বিধায়ক হিচাপে পৰিগনিত হোৱা পবিত্ৰ ৰাভা ৩৯,৯১৭টা ভোটৰ ব্যৱধানত বিজয়ী হয়।

একেদৰে  গোৱালপাৰা ১৪ নং পূৱ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী আবুল ৰছিদ আলমে ১,০২,২২৫টা ভোটত বিজয়ৰ হাঁহি মাৰে তেওঁৰ নিকততম প্ৰতিদ্বন্দ্বী অগপ দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰানে ৫০,৯৪৪টা ভোট লাভ কৰি পৰাজয় হব লগা হয়।

আনহাতে ১৫ নং দুধনৈ সমষ্টিত বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভাই ১,০০,৩৫৩টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী কিশোৰ কুমাৰ ব্ৰহ্মই ৫২,৭১৬টা ভোট লাভ কৰাত ৪৭,৬৩৭টা ভোটৰ ব্যৱধানত টংকেশ্বৰ ৰাভায়ে বিজয়ৰ মুকুট পিন্ধিবলৈ সক্ষম হয় ।

বিশেষ বাৰ্তা, আগিয়া, ৫ মে’

You might also like