গণতন্ত্রৰ মহোৎসৱ নির্বাচনে এটা চিৰন্তন সত্যকেই বাৰে বাৰে দোহাৰি থাকে৷ প্রতিটো নির্বাচনৰ পিছত পুৰণি দলৰেই চৰকাৰ হওক বা নতুন কোনো ৰাজনৈতিক দলৰ চৰকাৰ হওক, জনসাধাৰণে কিন্তু নতুন নতুন প্রত্যাশাৰে নতুন চৰকাৰক আদৰণি জনায়৷ জনসাধাৰণে নিজৰ ৰায় প্রদান কৰি অসমৰ নতুন চৰকাৰৰ কথা ঘোষণা কৰি দিছে৷
সেই নতুন চৰকাৰৰ পিনে কোটি কোটি অসমীয়াৰ দৃষ্টি স্থিৰ হৈ আছে, সেই দৃষ্টিত আছে আশা, প্রত্যাশা আৰু হয়তো অলপ সংশয়ো৷ এখন চৰকাৰৰ পৰিৱর্তন বা চৰকাৰ গঠন কৰা ৰাজনৈতিক দলটোৰ পৰিৱর্তন কোনো এটা কাকতালীয় ঘটনা নহয়৷ জনসাধাৰণে পৰিৱর্তন বিচৰাৰ আঁৰত থাকে বছৰৰ পিছত বছৰ ধৰি জমা হোৱা অভিজ্ঞতা, হতাশা আৰু নতুন কিবা এটাৰ বাবে উন্মুখতা৷
তাৰ বিপৰীতে ৰাইজে চলি থকা চৰকাৰখনকে সমর্থন কৰিলে বুজিব লাগিব চৰকাৰৰ কিছু কামে তেওঁলোকক নিশ্চয় সন্তুষ্ট কৰিছে আৰু চৰকাৰৰ পিনে অধিক আশা আৰু প্রত্যয়েৰে বাট চাই আছে৷ গণতন্ত্রত ভোটদান অকল এটা অধিকাৰ নহয়, ই এক বার্তা আৰু এইবাৰ অসমৰ জনসাধাৰণে সেই বার্তা দিছে৷
সেই বার্তাৰ মর্ম বুজিব পৰাটোৱেই হ’ব নতুন চৰকাৰৰ প্রথম পৰীক্ষা৷ পৰিৱর্তনৰ এই আকাংক্ষা অকল ৰাজনৈতিক নহয়, ই গভীৰভাৱে সামাজিক আৰু অর্থনৈতিক৷ অসমৰ এজন সাধাৰণ মানুহে– এজন কৃষক, এজন চাহ বাগিচাৰ শ্রমিক, এগৰাকী শিক্ষয়িত্রী, এজন বেকাৰ যুৱকে ভোটদান কেন্দ্রলৈ যোৱা সময়ত তেওঁ কেৱল দলীয় পতাকাখনৰ কথা নাভাবে৷ তেওঁ ভাবে নিজৰ সন্তানৰ ভৱিষ্যতৰ শিক্ষাৰ কথা, নিজৰ পথাৰৰ কথা, নিজৰ গাঁৱৰ ৰাস্তাৰ কথা, হাস্পতালৰ চিকিৎসাৰ কথা৷
এই সাধাৰণ মানুহৰ এই সাধাৰণ প্রত্যাশাবোৰেহ নতুন চৰকাৰৰ কার্যসূচীৰ ভিত্তি হোৱা উচিত৷ বর্তমান সময়ত অসমৰ ৰাইজে নতুন চৰকাৰৰ পৰা বহুত আশা কৰিছে৷ এই সময়ত অসমৰ সন্মুখত কেহটামান গুৰুত্বপূর্ণ প্রত্যাহ্বান আছে৷ নতুন চৰকাৰখনে সেইবোৰক অগ্রাধিকাৰৰ ভিত্তিত সমাধান কৰিব লাগিব৷
নিবনুৱা সমস্যা অসমৰ এক দীর্ঘদিনীয়া সমস্যা৷ প্রতিবছৰে হাজাৰ হাজাৰ শিক্ষিত যুৱক–যুৱতী ডিগ্রী লৈ শিক্ষানুষ্ঠানৰ পৰা ওলাই আহে, কিন্তু তেওঁলোকৰ বাবে পর্যাপ্ত কামৰ সুযোগ নাথাকে৷ তেওঁলোক ৰাজ্যৰ বাহিৰলৈ যাব লগাত পৰে, পৰিয়ালৰ পৰা আঁতৰি যায়, শিপাৰ পৰা বিচ্ছিন্ন হয়৷ এই যুৱশক্তিক অসমতেই ধৰি ৰাখিব পৰাটো নতুন চৰকাৰৰ বাবে এক ডাঙৰ পৰীক্ষা হ’ব৷
চৰকাৰী চাকৰিয়েই এই সমস্যাৰ হ’ব নোৱাৰে৷ উদ্যোগ, কৃষি, পর্যটন আৰু প্রযুক্তি ক্ষেত্রত নতুন কর্মসংস্থাপনৰ পথ মুকলি কৰিব লাগিব৷ বানপানী আৰু গৰাখহনীয়া অসমৰ বার্ষিক অভিশাপ৷ প্রতিবছৰে একেই ছবি–পানীত ঘৰ উটি যায়, খেতি নষ্ট হয়, মানুহ আশ্রয় শিবিৰলৈ যায়৷ পিছৰ বছৰতো একেই কাহিনী৷
এই চক্র ভাঙিবলৈ হ’লে দীর্ঘম্যাদী পৰিকল্পনা আৰু স্থায়ী পদক্ষেপৰ প্রয়োজন৷ নতুন চৰকাৰে এই সমস্যাটি গভীৰভাৱে ল’ব লাগিব৷ শিক্ষা আৰু স্বাস্থ্যসেৱাৰ মানৰ উন্নয়ন, দুয়োটা ক্ষেত্রতে ব্যাপক হাৰত বাঢ়ি অহা ব্যয় আৰু অৰাজকতা– চৰকাৰে ইয়াক এটা সুস্থিৰ অৱস্থালৈ অনাটো ৰাইজে বিচাৰিছে৷
শিক্ষা আৰু স্বাস্থ্যসেৱাত বিৰাজ কৰা বৈষম্য কমোৱাটো নতুন চৰকাৰৰ নৈতিক দায়িত্ব৷ সমস্যাৰ কথা চিন্তা কৰাৰ সমান্তৰালভাৱে অসমত পুঞ্জীভূত হৈ থকা শক্তিবোৰো চিনি পোৱা দৰকাৰ৷ অসমৰ প্রাকৃতিক সম্পদ অপৰিসীম– চাহ, তেল, প্রাকৃতিক গেছ, জৈৱ–বৈচিত্র্যৰ কথা সর্বত্র আলোচিত৷
অসমৰ সাংস্কৃতিক সম্পদ– বিহু, সত্রীয়া নৃত্য, বিভিন্ন জনজাতিৰ পৰম্পৰাই অসমৰ বাবে ‘ছফ্ট পাৱাৰ’ হিচাপে কাম কৰিব পাৰে৷ পর্যটন শিল্পৰ বিকাশে হাজাৰ হাজাৰ মানুহৰ জীৱিকা নিশ্চিত কৰিব পাৰে৷ এই সম্ভাৱনাবোৰক সঠিকভাৱে ব্যৱহাৰ কৰাটোৱেই নতুন চৰকাৰৰ সন্মুখত থকা সুযোগ৷ নতুন চৰকাৰ মানে কিছু পৰিৱর্তন৷
কিন্তু এই পৰিৱর্তনৰ অর্থ কেৱল মুখ সলনি হোৱা নহয়৷ পৰিৱর্তনৰ প্রকৃত অর্থ হ’ল সাধাৰণ মানুহৰ জীৱনক পৰিৱর্তনৰ বতাহে স্পর্শ কৰি যোৱা৷ এজন কৃষকে যেতিয়া অনুভৱ কৰিব যে তেওঁৰ খেতিৰ উৎপাদনৰ ন্যায্য মূল্য পাইছে, এজন যুৱকে যেতিয়া অনুভৱ কৰিব যে তেওঁৰ যোগ্যতা অনুযায়ী কাম পাইছে, এগৰাকী মাতৃয়ে যেতিয়া অনুভৱ কৰিব যে তেওঁৰ সন্তানে ভাল শিক্ষা পাইছে, তেতিয়াহে পৰিৱর্তন সম্পূর্ণ হ’ব৷
অসমে এইবাৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে৷ সেই অধ্যায়খন কেনেকুৱা হ’ব সেহটো নির্ভৰ কৰিব নতুন চৰকাৰৰ সদিচ্ছা আৰু কর্মদক্ষতাৰ ওপৰত৷ জনসাধাৰণে বিশ্বাস ৰাখিছে, সেই বিশ্বাসৰ মূল্য দিয়াটোৱেই নতুন চৰকাৰৰ সবাতোকৈ ডাঙৰ দায়িত্ব৷
গণতন্ত্র এক গতিশীল প্রক্রিয়া– আশা, প্রত্যাশা, দায়বদ্ধতা আৰু পৰিৱর্তনৰ এক অন্তহীন যাত্রা৷ সেহ যাত্রাত অসমৰ জনসাধাৰণ আৰু নতুন চৰকাৰ একেলগে আগবাঢ়ক– এয়াই প্রত্যাশা৷