নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IPL-2026 : দিল্লীক হৰুৱাই প্লেফৰ আশা সজীৱ চেন্নাইৰ

পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলৰ প্লেফত প্রৱেশৰ আশা সজীৱ কৰি তুলিছে৷ নতুন দিল্লীত অনুষ্ঠিত মেচখনত চেন্নায়ে ঘৰুৱা দল দিল্লী কেপিটেলছক ৮ উইকেটত পৰাস্ত কৰে৷

চেন্নাইৰ এয়া আছিল পঞ্চম জয়৷ দলটোৱে এতিয়ালৈকে ১০খন মেচ খেলি ১০ পইণ্টেৰে পইণ্ট তালিকাৰ ষষ্ঠ স্থানত আছে৷ মেচখনত দিল্লীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৫৬ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি অ’পেনাৰ সঞ্জু ছেমছনৰ ৫২ বলত অপৰাজিত ৮৭ আৰু কার্তিক শর্মাৰ অপৰাজিত ৪১ ৰানৰ সহায়ত চেন্নায়ে ১৭.৩ অভাৰত দুটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷

ইয়াৰ পূর্বে প্রথমে বেটিং কৰি সমীৰ ৰিজভিৰ অপৰাজিত ৪০ আৰু ত্রিষ্টান ষ্টাবছৰ ৩৮ ৰানৰ সহায়ত দিল্লীয়ে নির্ধাৰিত ২০ অভাৰত ৭ উইকেটত ১৫৫ ৰান কৰে৷ উল্লেখ্য যে দিল্লীৰ এয়া আছিল ষষ্ঠ পৰাজয়৷

ডিজিটেল ডেস্ক, ৬ মে’

You might also like