পূৰ্বৰ অভিলেখ ভাঙি ধুবুৰী জিলাৰ ৫টা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ৭,৭৩৯ গৰাকী ভোটাৰে এইবেলি NOTAত ভোটদান কৰিলে।
ইয়াৰে, গোলকগঞ্জ বিধানসভা সমষ্টিত ১,১২০গৰাকী ভোটাৰে NOTAত ভোটদান কৰাৰ বিপৰীতে বীৰসিং জৰুৱা বিধানসভা সমষ্টিত NOTAত ভোটদান কৰিলে মুঠ ২,২২৫ গৰাকীয়ে।
আনহাতে, ধুবুৰীত ১,৩৮৬গৰাকী, গৌৰীপুৰত ১,৮৪৫গৰাকী আৰু বিলাসীপাৰা বিধানসভা সমষ্টিত ১,১৬৩গৰাকী ভোটাৰে NOTAত ভোটদান কৰে।
নিয়মীয়া বাৰ্তা, ধুবুৰী, ৬ মে’