নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ ৫টা বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বনিম্ন ভোট লাভ মোহৰ উদ্দিন মণ্ডলৰ

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ মে’ : এইবেলিৰ বিধানসভা নিৰ্বাচনত ধুবুৰী জিলাৰ মুঠ ৫টা বিধানসভা সমষ্টিত অৱতীৰ্ণ হৈছিল সৰ্বমুঠ ৩৩গৰাকী প্ৰাৰ্থী। এওঁলোকৰ ভিতৰত সৰ্বনিম্ন ভোট পাইছে জিলাখনৰ বীৰসিং জৰুৱা বিধানসভা সমষ্টিত বিকাশ ইণ্ডিয়া পাৰ্টীৰ প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হোৱা মোহৰ উদ্দিন মণ্ডলে। মণ্ডলে লাভ কৰিছে মাথোঁ ৩১৪টা ভোট।

আনহাতে, ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিত সৰ্বনিম্ন ভোট লাভ কৰিছে ৰাষ্ট্ৰীয় উলেমা কাউঞ্চিলৰ প্ৰাৰ্থী জাকিৰ হুছেইনে। তেওঁ পাইছে ৪২৩ টা ভোট। অনুৰূপে গৌৰীপুৰ আৰু বিলাসীপাৰা বিধানসভা সমষ্টিতো সৰ্বনিম্ন ভোট পাইছে ৰাষ্ট্ৰীয় উলেমা দল (আৰইউচি)ৰ প্ৰাৰ্থীদ্বয়ে। গৌৰীপুৰত আৰইউচি দলৰ প্ৰাৰ্থী ফিৰাজুল ইছলামে ৪৩২টা ভোট লাভ কৰাৰ বিপৰীতে বিলাসীপাৰাৰ আৰইউচিৰ প্ৰাৰ্থী হাকিমুল ইছলামে পাইছে ৬১৮টা ভোট।

আনহাতে, ধুবুৰী বিধানসভা সমষ্টিত সৰ্বনিম্ন ভোট পাইছে এছইউচিআই (চি) দলৰ প্ৰাৰ্থী শ্বাহানা আখতাৰে। তেওঁ পাইছে ৫৭৭টা ভোট।

You might also like