TVK-ক চৰকাৰ গঠনৰ বাবে গ্ৰীন ছিগনেল ৰাজ্যপালৰ
তামিলনাডুত নতুন চৰকাৰ গঠনক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতে বৃহস্পতিবাৰে নতুন মোৰ লয় ৰাজনৈতিক পৰিস্থিতিয়ে। টিভিকে (TVK)ৰ মুৰব্বী বিজয়ে ৰাজ্যপাল R. N. Raviৰ সৈতে সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে বুলি জানিব পৰা গৈছে।
সূত্ৰ অনুসৰি, বিজয়ে ৰাজ্যপালক জনায় যে তেওঁৰ হাতত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় সমৰ্থন আছে আৰু শপত গ্ৰহণৰ পিছত বিধানসভাত সহজেই সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব পাৰিব। লগতে কোন কোন দল আৰু বিধায়কে তেওঁৰ চৰকাৰক সমৰ্থন আগবঢ়াইছে সেই বিষয়েও ৰাজ্যপালক অৱগত কৰে।
খবৰ অনুসৰি, বিজয়ে চৰকাৰ স্থিৰভাৱে চলাই নিয়াৰ ক্ষেত্ৰতো আশ্বাস প্ৰদান কৰে। ইয়াৰ পিছতে ৰাজ্যপালগৰাকীয়ে তেওঁক আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ আমন্ত্ৰণ জনোৱা বুলি সূত্ৰে প্ৰকাশ কৰিছে।
ইফালে, তামিলনাডুৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান শুকুৰবাৰ অথবা শনিবাৰে চেন্নাইত অনুষ্ঠিত হ’ব পাৰে বুলি জানিব পৰা গৈছে। অনুষ্ঠানত টিভিকেৰ জ্যেষ্ঠ নেতা, মিত্ৰদলৰ প্ৰতিনিধি আৰু দেশৰ কেইবাজনো শীৰ্ষ ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে বিজয়ে ৰাজ্যপালৰ সৈতে সাক্ষাৎ কৰি টিভিকে আৰু কংগ্ৰেছ বিধায়কৰ সমৰ্থনৰ তালিকা দাখিল কৰিছিল। যদিও সেই সময়ত ৰাজ্যপালে চৰকাৰ গঠনৰ আমন্ত্ৰণ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাছিল।
ডিজিটেল ডেস্ক, ৭ মে’