নিয়মীয়া বাৰ্তা, পলাশবাৰী, ৭ মে’ : মিৰ্জাৰ গোপালপুৰত বুধবাৰে এগৰাকী বিবাহিত মহিলাৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ছয়গাঁও পাছনতলাৰ প্ৰয়াত কমল দাস আৰু আৰতী দাসৰ একমাত্ৰ জীয়ৰী কৰৱী কলিতাৰ (২৩) মৃত্যুক হত্যা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
উল্লেখ্য যে প্ৰায় ৪ বছৰ পূৰ্বে মিৰ্জা গোপালপুৰ নিবাসী নাৰায়ণ কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৰৱী। মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, বিবাহৰ পিছৰে পৰা স্বামী নাৰায়ণ কলিতাই নিচাসক্ত অৱস্থাত কৰৱীৰ ওপৰত প্ৰায়েই শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল। বুধবাৰেও অনুৰূপ পৰিস্থিতিত কৰৱীৰ মৃত্যু হোৱা বুলি পৰিয়ালে দাবী কৰিছে।
আনহাতে, স্বামীৰ পৰিয়ালে এইটো এক আত্মহননৰ ঘটনা বুলিহে অভিহিত কৰিছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে পলাশবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে স্বামী নাৰায়ণ কলিতাক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে।
কৰৱীৰ পৰিয়ালে ন্যায় বিচাৰি স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে। বৰ্তমানলৈকে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহি পোৱা নাই। আৰক্ষীৰ মতে, মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আৰু তদন্তৰ পাছতহে স্পষ্ট হ’ব যে এয়া আত্মহনন নে পৰিকল্পিত হত্যাকাণ্ড?