কাইলৈৰ পৰা ফাটবিহু : উদুলি-মূ্দুলি ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰি
পৰম্পৰাৰ সকলো উজ্জ্বল্য সামৰি কাইলৈৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত উদযাপন কৰা হ’ব ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। আহোম ৰাজত্ব কালৰে পৰা নিজস্ব বৈশিষ্ট্য আৰু স্বকীয় পৰম্পৰাৰে উদযাপিত হৈ অহা ঢকুৱাখনাবাসীৰ স্বাভিমানস্বৰূপ তথা ৰাজ্যৰ সাংস্কৃতিক জগতৰ একক আৰু অনন্য লোক উৎসৱ ২০২৬ বৰ্ষ উদযাপক লৈ উদুলি মুদুলি পৰিবৱেশে বিৰাজ কৰিছে ফাটবিহুৰ স্থায়ী বাকৰি ম’হঘুলি চাপৰিত।
ঢকুৱাখনাৰ আয়ুসৰেখাস্বৰূপ চিৰপ্ৰবাহিত চাৰিকড়ীয়া নৈৰ উত্তৰপাৰে অৱস্থিত ম’হঘুলি চাপৰিৰ ৩৮ বিঘা মাটিৰে পৰিবেষ্টিত ফাটবিহু বাকৰিক সজাই পৰাই তুলিছে ন-ৰূপত।দুই লক্ষাধিক বিহুপ্ৰেমীক আদৰিবলৈ সাজু হৈছে সাংস্কৃতিবান ঢকুৱাখনীয়া ৰাইজ।
শুকুৰবাৰৰ পৰা দেওবাৰলৈ ম’হঘুলি চাপৰিত প্ৰদৰ্শিত হ’ব বিভিন্ন জাতি-জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতি। ফাটবিহুৰ ঐতিহ্য আৰু গৰিমা নিখুঁত ৰূপত উপস্থাপনৰ বাবে সকলো চেষ্টাই অব্যাহত ৰাখিছে উদযাপন সমিতিয়ে।
আলহী অতিথিক আপ্ৰায়নৰ বাবে সাজু কৰা হৈছে পিঠা-পনা ,বিভিন্ন থলুৱা খাদ্য সম্ভাৰ।এইবাৰ দুই শতাধিক বিহুদলে অংশগ্ৰহন কৰিব ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহুত। কাৰ্যসূচী অনুসৰি কাইলৈ পুৱা পুৱা ৯ বজাত পতাকা উত্তোলনেৰে ফাটবিহু ২০২৬ বৰ্ষৰ তিনিদিনীয়া বর্ণিল কাৰ্য্যসূচীৰ পাতনি মেলিব ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই।
ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈয়ে। পুৱা ১১,৩০ বজাত মঞ্চ মুকলি কৰিব প্ৰবীণ সাংবাদিক কুশল গগৈয়ে। দুপৰীয়াৰ পৰা অনুষ্ঠিত হ’বলগা মহিলাসকলৰ টকা বিহু প্রতিযোগিতা উদ্বোধন কৰিব তেজপুৰৰ জ্যেষ্ঠ কৃতি বিহুৱতী অৰূপা বৰুৱাই। বিয়লিলৈ চেমনীয়া হুঁচৰি প্ৰতিযোগিতা। প্ৰতিযোগিতাখনি উদ্বোধন কৰিব জেষ্ঠ কৃতি বিহুৱা জিতেন দত্তই।
দ্বিতীয় দিনা অৰ্থাৎ ৯ মে’ৰ কাৰ্য্যসূচী অনুসৰি পুৱা কপৌফুল আৰু গছপুলি ৰোপণ। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব গামোচা প্রতিযোগিতা। গামোচা প্রতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্তই। ১১.৩০ বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচন অনুষ্ঠান। ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই।
আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই।দুপৰীয়ালৈ ফাটবিহুৰ মূল মঞ্চত অনুষ্ঠিত হ’ব পূর্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি থকা পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাখন উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকলয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক ড° পবিত্ৰ কুমাৰ পেগুৱে।
বিয়লি ১ বজাত ফাটবিহুৰ বছৰেকীয়া প্রকাশ ‘বিহুৱান’ উন্মোচন। প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিশেষ এইবৰ্ষৰ ‘বিহুৱান’ উন্মোচন কৰিব বোকাখাত জেডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে।
তৃতীয় তথা অন্তিম দিনা পুৱা ১০ বজাত সাংস্কৃতিক শোভাযাত্রা। সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেত্ৰী দীপলিনা ডেকাই। দুপৰীয়া ১২ বজাত ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্রতিযোগিতা। শতাধিক বিহু দলে অংশগ্ৰহণ কৰিবলগীয়া মুকলি বিহু প্রতিযোগিতাখন উদ্বোধন কৰিব জ্যেষ্ঠ কৃতি বিহুৱা নিৰঞ্জন গগৈয়ে।
বিয়লি ২ বজাৰ পৰা ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়া সভাপতিত্বত অনুষ্ঠিত হ’ব মুকলি সভা। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত গোস্বামীয়ে উদ্বোধন কৰিবলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
মুকলি সভাত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্রদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলে, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে বিশিষ্ট অতিথি হিছাপে অংশগ্ৰহন কৰিব লব। লোক সংস্কৃতিৰ গৱেষক ড° পুষ্প গগৈয়ে নিদিষ্ট বক্তাৰূপে উপস্থিত থাকিবলগীয়া মুকলি সভাখনত গিৰিজা নন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° কন্দৰ্প দাস, অসম বিধানসভাৰ সচিব দুলাল পেগু, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে ধৰি আন কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকিব।
এই একবিংশ শতিকাৰ চকু চাট মৰা জাক -জমকতায়ো ম্লান কৰিব নোৱাৰা ঢকুৱাখনাবাসীৰ স্বাভিমান ফাটবিহুৰ তিনিওটি দিনৰ কাৰ্যসূচীত ৰাজ্যবাসীৰ সহায়-সহযোগিতা কামনা কৰি জাতীয় সাজপাৰ পৰিধান কৰি ফাটবিহু উপভোগ কৰিবলৈ বিহুপ্ৰেমীক আহ্বান জনাইছে উদযাপন আৰু ফাটবিহু সমিতিয়ে।
ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰাৰ প্ৰতিবেদন, ৭ মে’