নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ ৰাজপথত দাওদাওকৈ জ্বলিল বিলাসী বাহন

বিশেষ বাৰ্তা, নগাঁও, ৭ মে’ : নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰঘাট বাইপাছত আজি বিয়লি প্ৰায় ৩.৩০ বজাত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। চাৰিলেনযুক্ত বৰঘাট বাইপাছৰ উৰিয়াগাঁও আৰু বৰঘাটৰ মাজত এই ঘটনা সংঘটিত হয়। বৰঘাট বাইপাছৰ ৰাজপথত দাওদাওকৈ জ্বলি উঠিল এখন বিলাসী বাহন।

গুৱাহাটী দিশৰ পৰা উজনি অসমলৈ আহি থকা এ এছ-০১ জি এল-৬৯৯০নম্বৰৰ হুন্দাই অউৰা বাহনখনে বাইপাছৰ পথত ইউ টাৰ্ন লোৱাৰ সময়তে বিপৰীত দিশৰ পৰা অহা  এ এছ-০২ চি চি-৬৭৪৮ নম্বৰৰ ডাম্পাৰখনে খুন্দা মৰাৰ পিছতেই বিলাসী বাহনখন ৰাজপথতে দাওদাওকে জ্বলি উঠে। অৱশ্যে বিলাসী বাহনখনৰ আৰোহীসকল দৈৱক্ৰমে ৰক্ষা পৰে। পিছত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰাৰ লগতে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়।

You might also like