নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাগৰ জিনি উভতিল উত্তৰ গুৱাহাটীৰ গৌৰৱ কমল কৃষ্ণ দাস

সাগৰৰ উত্তাল ঢৌ, ধুমুহা আৰু নানা প্ৰতিকূলতাক প্ৰতিহত কৰি এক বিৰল সফলতা অর্জন কৰিলে উত্তৰ গুৱাহাটীৰ প্ৰতিভাৱান সাঁতোৰবিদ কমল কৃষ্ণ দাসে। শ্ৰীলংকাৰ ‘পাল্ক ষ্ট্ৰেইট’ৰ ২৯ কিলোমিটাৰ দৈৰ্ঘ্য সফলতাৰে অতিক্ৰম কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে কমলে।

সাগৰ জয় কৰি আজি উত্তৰ গুৱাহাটী মধ্যমখণ্ডস্থিত নিজ বাসভৱনত উপস্থিত হয় কমল কৃষ্ণ দাস। ঘৰলৈ উভতি আহি তেওঁ ঘোষণা কৰে যে তেওঁৰ পৰৱৰ্তী লক্ষ্য হৈছে ২০২৭ চনৰ ৰাষ্ট্ৰীয় গেমছত স্বৰ্ণ পদক জয় কৰা।

উল্লেখ্য যে ৫ মে’ পুৱতিনিশা ২:১০ বজাত কমল কৃষ্ণ দাসে এই দুঃসাহসিক অপেন ৱাটাৰ সাঁতোৰ আৰম্ভ কৰিছিল। ১১ ঘণ্টা ১০ মিনিট সময় লৈ তেওঁ ‘পাল্ক ষ্ট্ৰেইট’ৰ এই কঠিন দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হয়।

অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সচিব মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে, চুইমিং ফেডাৰেচন অফ ইণ্ডিয়াৰ পৰ্যবেক্ষকৰ উপস্থিতিত একক শাখাত কমল কৃষ্ণ দাসে এই বিৰল কৃতিত্ব অৰ্জন কৰে।

এই সাফল্য লাভৰ বাবে কমল কৃষ্ণই দীৰ্ঘদিন ধৰি অক্লান্ত পৰিশ্ৰম আৰু কঠোৰ অনুশীলন চলাই আহিছিল। ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাৰে সন্মানিত কমল কৃষ্ণ দাসৰ এই ঐতিহাসিক সফলতাত পৰিয়ালবৰ্গৰ লগতে তেওঁৰ পিতৃ ধনঞ্জয় দাসলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে অসম সাঁতোৰ সংস্থাৰ প্ৰচাৰ সচিবে।

ডিজিটেল ডেস্ক, ৮ মে’

You might also like