নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত তিনি মহলীয়া বিল্ডিঙৰ পৰা পৰি দুই শ্ৰমিকৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৮ মে’ : ধুবুৰী চহৰৰ মাজমজিয়াৰ যোগমায়া ঘাট অঞ্চলৰ সমীপত সংঘটিত হয় এক শোকাৱহ ঘটনা। অঞ্চলটোৰ তিনিমহলীয়া এটা বিল্ডিঙত কাম কৰি থকা অৱস্থাত অকস্মাতে তললৈ পৰি যায় দুজনৈক শ্ৰমিক। গুৰুতৰভাৱে আহত অৱস্থাত আফজাল হুছেইন আৰু আজিজুৰ শ্বেখ নামৰ দুজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ নিয়া হয় যদিও মৃত্যু হয় দুয়োৰে।

ইপিনে, দুৰ্ভগীয়া দুয়োজন কৰ্মৰত বিল্ডিংটোৰ গৰাকী কল্যাণ কুমাৰ সাহাই মৃতদ্বয়ৰ কোনো ধৰণৰ খা-খবৰ নোলোৱাক কেন্দ্ৰ কৰি ক্ষোভ উজাৰাৰ সমান্তৰালকৈ সাহাৰ বিৰূদ্ধে ভুক্তভোগী পৰিয়ালে ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে।

You might also like