নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম ইণ্ডিয়াৰ টি-২০ নেতৃত্বত নতুন অধ্যায় আৰম্ভৰ ইংগিত BCCI-ৰ

সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত ভাৰতীয় ক্ৰিকেট দলে শেহতীয়াকৈ টি-২০ বিশ্বকাপ জয় কৰাৰ লগতে এছিয়া কাপতো চেম্পিয়ন হৈছিল। কিন্তু এতিয়া তেওঁৰ টি-২০ অধিনায়কত্বৰ পৰা বিদায় লোৱাৰ সম্ভাৱনা দেখা দিছে। বিচিচিআয়ে IPL ২০২৬ৰ পিছত কিছু ডাঙৰ পৰিৱর্তনৰ কথা চিন্তা কৰি আছে বুলি জানিব পৰা গৈছে। সেই অনুসৰি শ্ৰেয়াছ আয়াৰক ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক হিচাপে দায়িত্ব দিয়া হ’ব পাৰে।

সূৰ্যকুমাৰ যাদৱ প্ৰায় দুবছৰ ধৰি ভাৰতীয় টি-২০ দলৰ অধিনায়ক হিচাপে দায়িত্ব পালন কৰি আহিছে। ৰোহিত শৰ্মাৰ টি-২০ অৱসৰৰ পিছত ২০২৪ চনত তেওঁ অধিনায়ক নিযুক্ত হৈছিল। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ভৱিষ্যতৰ দল গঠনৰ লক্ষ্যৰে এই সিদ্ধান্ত ল’ব পাৰে নিৰ্বাচকসকলে আৰু সেই ক্ষেত্ৰত শ্রেয়াছ আয়াৰ অধিনায়কত্বৰ দৌৰত সৰ্বাধিক আগবাঢ়ি আছে।

প্ৰতিবেদন অনুসৰি, শ্ৰেয়াছ আয়াৰৰ পুনৰ ভাৰতীয় টি-২০ দলত প্রত্যাৱর্তন নিশ্চিত হ’ব পাৰে আৰু তেওঁক অধিনায়কৰ দায়িত্বো দিয়া হ’ব পাৰে। ৩১ বছৰীয়া আয়াৰে ২০২৩ চনৰ ৩ ডিচেম্বৰত শেষবাৰৰ বাবে টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছিল। অৰ্থাৎ দুবছৰতকৈ অধিক সময় তেওঁ এই ফৰ্মেটত ভাৰতৰ হৈ খেলাৰ সুযোগ পোৱা নাই। এতিয়া আগন্তুক পৰিকল্পনাৰ কথা বিবেচনা কৰি নিৰ্বাচকসকলে তেওঁক নতুন অধিনায়ক হিচাপে বাছি ল’ব পাৰে।

আনহাতে, সূৰ্যকুমাৰ যাদৱক দলৰ পৰা বাদ দিয়াৰ সম্ভাৱনা নাই। তেওঁৰ অধিনায়কত্বতেই ভাৰত বিশ্বকাপ জয় কৰিছিল বুলি ধৰি তেওঁক খেলুৱৈ হিচাপে দলত অব্যাহত ৰখা হ’ব। IPL ২০২৬ৰ পিছত ভাৰতীয় দলে আয়াৰলেণ্ডৰ বিৰুদ্ধে ২খন টি-২০ মেচ খেলিব আৰু তাৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে ৫খন মেচৰ টি-২০ শৃংখলা অনুষ্ঠিত হ’ব। সেই শৃংখলাৰ পূৰ্বে নতুন অধিনায়কৰ ঘোষণা হ’ব পাৰে।

অধিনায়ক হিচাপে সূৰ্যকুমাৰ যাদৱৰ ৰেকৰ্ড যথেষ্ট শক্তিশালী। তেওঁ ৫২খন টি-২০ মেচত ভাৰতীয় দলক নেতৃত্ব দিছে, য’ত ভাৰত জয়ী হৈছে ৪০খনত আৰু পৰাজিত হৈছে মাত্ৰ ৮খনত। তেওঁৰ জয়ৰ শতাংশ ৭৬.৯২। ৫০খনতকৈ অধিক টি-২০ মেচত ভাৰতীয় দলক নেতৃত্ব দিয়া অধিনায়কসকলৰ ভিতৰত— ধোনী, কোহলি আৰু ৰোহিতকো অতিক্ৰম কৰি সূৰ্যকুমাৰৰ জয়ৰ শতাংশ সৰ্বাধিক।

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বৰ ৰেকৰ্ডো যথেষ্ট উজ্জ্বল। তেওঁৰ নেতৃত্বতেই কেকেআৰে ২০২৪ চনত IPL-ৰ খিতাপ জয় কৰিছিল। তাৰ আগতে ২০২০ চনত তেওঁৰ অধিনায়কত্বতেই দিল্লীয়ে ফাইনেল খেলিছিল। ২০২৫ চনত তেওঁ পঞ্জাবক ফাইনেললৈ লৈ গৈছিল। চলিত IPLত পঞ্জাব কিংছ তেওঁৰ নেতৃত্বত যথেষ্ট শক্তিশালী ৰূপত দেখা গৈছে।

ডিজিটেল ডেস্ক, ৮ মে’

You might also like