নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ তৃষ্ণা ৰাভালৈ এন চি চিৰ সৰ্বোচ্চ মহিলা এ এন অ’ অসম সন্মান

ডিজিটেল ডেস্ক, বকো, ৮ মে’ : সৰ্বভাৰতীয় এন চি চিৰ দ্বাৰা পৰিচালিত উত্তৰ পূৰ্বাঞ্চল এন চি চি সঞ্চালকালয়ৰ উদ্যোগত উন্নত মানৰ সেৱা প্ৰদৰ্শন কৰা কেডেটক বাৰ্ষিক বঁটাৰে পুৰস্কৃত কৰি সন্মান প্ৰদান কৰা হয়। এই ক্ষেত্ৰত ২০২৫-২৬ বৰ্ষত অসমৰ হৈ উন্নত সেৱা আগবঢ়োৱা এন চি চিৰ ছেকেণ্ড অফিচাৰ কামৰূপ জিলাৰ বকোৰ তৃষ্ণা ৰাভাই মহিলা এ এন অ’ অসম সৰ্বোচ্চ অসামৰিক সন্মান পাবলৈ সক্ষম হৈছে।

উল্লেখ্য যে অসম মণ্ডলৰ গুৱাহাটীস্থিত ৫০ অসম এয়াৰ স্কোৱাড্ৰন (FLG) এন চি চিৰ এগৰাকী অতি বিশিষ্ট সহযোগী এন চি চি অফিচাৰ (ANO) হিচাপে তৃষ্ণা ৰাভাই কৰ্তব্য পালন কৰি আহিছে। প্ৰকাশ যে যোৱা ৫ মে’ত মেঘালয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত আয়োজন কৰা হৈছিল নেচনেল কেডেট কৰ্পছৰ সেৱাত পাৰদৰ্শিতাৰ বঁটা তথা সন্মান প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানতে অসমৰ হৈ এন চি চিত উন্নত মানৰ সেৱা প্ৰদৰ্শন কৰা বাবে কামৰূপ জিলাৰ বকোৰ নিষ্ঠাৱান কৰ্মী বিভাগটোৰ ছেকেণ্ড অফিচাৰ তৃষ্ণা ৰাভাক প্ৰদান কৰে সৰ্বোচ্চ মহিলা এ এন অ’ অসম সন্মান।

ইফালে, এন চি চিৰ প্ৰতি তেওঁৰ নেতৃত্ব আৰু নিষ্ঠাৰে সেৱা আগবঢ়োৱা বাবে উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছে বুলি জানিবলৈ দিয়ে তৃষ্ণা ৰাভাৰ পৰিয়ালৰ উপৰি শুভাকাংক্ষীয়ে। উল্লেখনীয় যে  এন চি চিৰ পাৰদৰ্শিতাৰ বঁটা তথা সন্মান প্ৰদান কৰিবলৈ মেঘালয় ৰাজ্যৰ শ্বিলঙৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজন কৰা হৈছিল এক মনোজ্ঞ অনুষ্ঠান। এই অনুষ্ঠানতে এন চি চিৰ এ ডি জি (এন ই আৰ)ৰ মেজৰ জেনেৰেল অনুৰাগ ভিজেৰ পৰা বকো চুকুণীয়াপাৰা ডিড়িমাৰ বাসিন্দা বিশিষ্ট সমাজ তথা সাংস্কৃতিক কৰ্মী ভীষ্মদেৱ ৰাভা আৰু শিক্ষয়িত্ৰী মঞ্জুমণি দাসৰ জ্যেষ্ঠ জীয়ৰী তৃষ্ণা ৰাভাই গ্ৰহণ কৰে সৰ্বোচ্চ মহিলা এ এন অ’ অসম সন্মান। সম্প্ৰতি তৃষ্ণা ৰাভাই ৫০ অসম এ আই আৰ এছ কিউ এন; এন চি চিৰ ছেকেণ্ড অফিচাৰ হিচাপে কৰ্মৰত বিষয়া। তৃষ্ণা ৰাভাৰ এই সন্মানৰ বাবে অসম মণ্ডলৰ উপৰি বকোলৈ কঢ়িয়াইছে গৌৰৱ।

You might also like