ডিজিটেল ডেস্ক, ৮ মে’ : ভয়াৱহ বিপদৰ আগতেই পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইৰ ভয়ংকৰ ষড়যন্ত্ৰ ফাদিল হৈ পৰে। ৰাজধানী দিল্লীৰ এটা প্ৰসিদ্ধ মন্দিৰ, এখন জনপ্ৰিয় ধাবা, আনকি হাৰিয়ানাৰ সেনা ছাউনিত আক্ৰমণৰ পৰিকল্পনা আছিল! দিল্লী আৰক্ষীৰ তৎপৰতাত ৰাজধানীৰ বিভিন্ন এলেকাৰ পৰা পাক সমৰ্থিত গোষ্ঠী শাহজাদ ভট্টি মডিউলৰ ৯জন সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে। সন্ত্ৰাসবাদীকেইজনৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে।
আৰক্ষী সূত্ৰে জানিব পৰা মতে, তদন্তকাৰীয়ে খবৰ পায় যে অভিযুক্তসকলৰ মাজৰ এজনে দিল্লীৰ এটা ঐতিহাসিক মন্দিৰৰ তথ্যপাতি গোটাই আছিল। ছ’চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানভিত্তিক হেণ্ডলাৰসকললৈ মন্দিৰ আৰু মন্দিৰ চৌহদৰ ছবি প্ৰেৰণ কৰিছিল তেওঁ। সেই মন্দিৰত নিয়োজিত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ ওপৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল সন্ত্ৰাসাবাদীয়ে। ইয়াৰ উপৰি দিল্লী-ছোনিপট হাইৱেৰ এখন জনপ্ৰিয় ধাবাতো আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল, য’ত প্ৰতিদিনে শ শ লোকে আহি খাদ্য গ্ৰহণ কৰে।
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, ধৃতসকলৰ সৈতে পাকিস্তানৰ গুপ্তচৰ সংস্থা আইএছআইৰ ঘনিষ্ঠ যোগাযোগ থকাৰ সন্দেহ কৰা হৈছে। তেওঁলোকৰ ওচৰৰ পৰা দিল্লীসহ উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যৰ সংবেদনশীল স্থানৰ ছবি আৰু তথ্য উদ্ধাৰ কৰা হৈছে। এই ছবি আৰু তথ্যসমূহ ধৃতসকলৰ মোবাইল আৰু ইলেকট্ৰনিক গেজেটত পোৱা গৈছে। হাৰিয়ানাৰ হিচাৰ অঞ্চলৰ এটা সেনা ছাউনিৰ ছবি আৰু ভিডিঅ’ও ধৃতসকলৰ ওচৰত পোৱা গৈছে। উত্তৰপ্ৰদেশৰ কেইবাখনো থানাও ‘টাৰ্গেট লিষ্ট’ত আছিল। যদিও আৰক্ষীৰ তৎপৰতাত আপাতত এই ষড়যন্ত্ৰ বিফল হৈ পৰিছে। ধৃতসকলক জেৰা কৰি আৰু ক’ত ক’ত আক্ৰমণৰ পৰিকল্পনা আছিল, সেয়া জানিবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। গেংটোৰ আন কোনো সদস্য পলাতক হৈ আছে নেকি, সেই সন্দৰ্ভতো তদন্তকাৰীয়ে অনুসন্ধান চলাই আছে।