নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত দুখন বাহনসহ ৩২টা চোৰাং গৰু জব্দ, আটক ২

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ৮ মে’ : ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। ৰূপহীহাট আৰক্ষীয়ে আজি পুৱা এক গোপন সূত্ৰৰ পম খেদি ছাইদৰীয়াত চোৰাং গৰুৰ বিৰুদ্ধে অভিযান চলায়।

আৰক্ষীৰ অভিযানত দুখন বাহনসহ ৩২টা চোৰাং গৰু জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা বাহন দুখনৰ নম্বৰ হৈছে এনএল-০১ এম-০৭৯১ আৰু এএছ-১২ চিচি-১৮৮৯। আৰক্ষীয়ে দুখন গাড়ীৰ চালক ৱাছিম আক্ৰাম আৰু চলমান আলীক আটক কৰিছে। আৰক্ষী যোৱাৰ উমান পাই গৰু বেপাৰীকেইটাই পলায়ন কৰে। ৰূপহীহাটৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ গৰুখিনি লৈ যোৱাৰ পৰিকল্পনা আছিল বুলি সন্দেহ। ৰূপহীহাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত গাড়ী চালক দুজনক জেৰা অব্যাহত ৰাখিছে।

You might also like