নলবাৰী জিলাৰ জানিগোগত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে অশালীন আচৰণ কৰাৰ অভিযোগত ৰাইজৰ ৰোষৰ সন্মুখীন হয় দক্ষিণ জানিগোগ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অজয় মজুমদাৰ।
অভিযোগ অনুসৰি, এদিন পূৰ্বে প্ৰধান শিক্ষক অজয় মজুমদাৰে ছাত্ৰীগৰাকীক অশালীন ইংগিত দিয়াৰ লগতে গোপন অংগত স্পৰ্শ কৰাৰ চেষ্টা কৰে। এই ঘটনাক কেন্দ্ৰ কৰি আজি বিদ্যালয় চৌহদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
ঘটনাৰ খবৰ পোৱাৰ পিছতে ছাত্ৰীগৰাকীৰ অভিভাৱক আৰু স্থানীয় জানিগোগবাসীয়ে বিদ্যালয় চৌহদত উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত দাবী কৰে। উত্তেজিত ৰাইজে প্ৰধান শিক্ষকজনক জবাবদিহি কৰাৰ লগতে পৰিস্থিতি উত্তপ্ত কৰি তোলে।
পৰিস্থিতি অধিক অৱনতি হোৱাত নলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। যদিও একাংশ উত্তেজিত লোকে প্ৰধান শিক্ষকজনক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।
ঘটনাৰ তদন্তৰ বাবে নলবাৰী জিলাৰ অতিৰিক্ত আয়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ইতিমধ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
ডিজিটেল ডেস্ক, ৮ মে’