পশ্চিমবংগত বিজেপিৰ ঐতিহাসিক জয়ৰ পিছতে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰা হৈছে। বিজেপি বিধায়ক দলৰ বৈঠকৰ পিছত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আনুষ্ঠানিকভাৱে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰে।
বিজেপি বিধায়ক দলৰ নেতা হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰি অমিত শ্বাহে কয় যে, “শুভেন্দু অধিকাৰীৰ নামৰ বাহিৰে আন কোনো নাম প্ৰস্তাৱ হিচাপে অহা নাছিল। সকলো বিধায়কে একমতভাৱে তেওঁৰ নাম সমৰ্থন কৰিছে।” ঘোষণাৰ পিছতে শুভেন্দু অধিকাৰীক ফুলৰ মালা পিন্ধাই অভিনন্দন জ্ঞাপন কৰা হয়।
অমিত শ্বাহে পশ্চিমবংগত বিজেপিৰ এই বিপুল জয়ক এক ঐতিহাসিক সাফল্য বুলি অভিহিত কৰি কয় যে, “এই জয় সহজে অহা নাই। বিজেপিৰ ৩২১জন কাৰ্যকৰ্তাই নিজৰ প্ৰাণ আহুতি দিছে।” আৱেগিক কণ্ঠেৰে তেওঁ লগতে কয় যে, এইবাৰ পশ্চিমবংগত দলটোৱে যিধৰণৰ জনসমৰ্থন লাভ কৰিছে, তাৰ বাবে তেওঁৰ ওচৰত ভাষা নাই।
তেওঁ জনায় যে, ৰাজ্যখনৰ ২৩খন জিলাৰ ভিতৰত ২০খন জিলাত বিজেপি প্ৰথম স্থানত আছে। ঝাড়গ্ৰাম, বাংকুৰা আৰু দাৰ্জিলিঙৰ সকলো আসন বিজেপিৰ দখললৈ আহিছে। লগতে তেওঁ ভবানীপুৰৰ ভোটাৰসকলকো ধন্যবাদ জ্ঞাপন কৰি কয় যে “শুভেন্দু অধিকাৰীয়ে প্ৰথমে নন্দীগ্ৰামত মমতা বন্দ্যোপাধ্যায়ক পৰাস্ত কৰিছিল আৰু এইবাৰ ভবানীপুৰতো তেওঁক পৰাজিত কৰিছে।”
বিধায়ক দলৰ বৈঠকৰ পিছতে শুভেন্দু অধিকাৰীয়ে ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিবলৈ ৰাজভৱনলৈ যাব বুলি জানিব পৰা গৈছে। কাইলৈ পুৱা তেওঁ মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰিব। একে সময়তে ৰাজ্যখনত দুজন উপ-মুখ্যমন্ত্ৰী নিযুক্তিৰ সম্ভাৱনাক লৈও ব্যাপক চৰ্চা চলিছে।
ডিজিটেল ডেস্ক, ৮ মে’