নিয়মীয়া বার্তা, মহুৰামুখ, ৮ মে’ : দৰিদ্ৰতাক নেওচি পৰিয়ালক দুবেলা দুসাঁজ অন্ন যোগান ধৰাৰ সপোন লৈ বহিঃৰাজ্যলৈ ঢাপলি মেলা এজন অসমীয়া যুৱকৰ কৰুণ মৃত্যুৱে সমগ্ৰ বোকাখাত অঞ্চলত শোকৰ ছাঁ পেলাইছে। বোকাখাত সমজিলাৰ বৰটিকা ৬নং ৱাৰ্ডৰ নিৱাসী পুলি গোৱালা আৰু সবিতা গোৱালাৰ ২২ বছৰীয়া পুত্ৰ বিজিত গোৱালাই কৰ্মসূত্ৰে বেংগালুৰুত থকা অৱস্থাতে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰা মতে, মৃত বিজিত গোৱালাই বেংগালুৰুস্থিত ৰেচন আলীৰ এছ এল বি ৱাটাৰ কোম্পানীত কৰ্মৰত আছিল। কিছুদিন পূৰ্বে এক সুউচ্চ অট্টালিকাৰ পৰা পিছলি পৰি যুৱকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। প্ৰথমে এখন ব্যক্তিগত নাৰ্ছিং হোমত আৰু পৰৱৰ্তী সময়ত বেংগালুৰুৰ ভিক্টোৰিয়া চৰকাৰী চিকিৎসালয়ত কেইবাদিনো ধৰি তেওঁ মৃত্যুৰ সৈতে যুঁজ দি আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে ৬ মে’ৰ নিশা চিকিৎসাধীন অৱস্থাতে যুৱকজনে শেষ নিশ্বাস ত্যাগ কৰে।
বিজিতৰ অকাল মৃত্যুৰ খবৰে পৰিয়ালটোলৈ অন্ধকাৰ নমাই আনে। আৰ্থিকভাৱে অতিশয় দুৰ্বল পৰিয়ালটোৰ বাবে বহিঃৰাজ্যৰ পৰা মৃতদেহটো ঘৰলৈ আনিবলৈ অসম্ভৱ হৈ পৰিছিল। এনে সংকটকালত যুৱকজন কৰ্মৰত কোম্পানীটোৱে তেওঁলোকৰ তত্ত্বাৱধানত পৰিয়ালৰ লোকসহ মৃতদেহটো উৰাজাহাজেৰে গুৱাহাটীলৈ পঠিওৱাৰ ব্যৱস্থা কৰি দিয়ে।
পৰৱৰ্তী সময়ত গুৱাহাটীৰ পৰা বৰটিকাৰ নিজ গৃহলৈ মৃতদেহটো অনাৰ ক্ষেত্ৰত গোলাঘাট জিলা টি এম পি কেৰ সভাপতি বিমান জ্যোতি লইং আৰু মহুৰামুখ প্ৰেছ ক্লাবৰ সভাপতি পৱন কামানৰ বিশেষ তৎপৰতা তথা বোকাখাতৰ বিধায়ক অতুল বৰাৰ আন্তৰিক সহযোগিতাত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হয়।
আজি যুৱকজনৰ মৃতদেহ বৰটিকাৰ নিজ গৃহ আহি পোৱাৰ লগে লগে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। পুত্ৰৰ নিথৰ দেহটো কফিনত বন্দী হৈ অহা দেখি পিতৃ-মাতৃৰ লগতে উপস্থিত থকা শ শ গুণমুগ্ধৰ মাজত কান্দোনৰ ৰোল উঠে।
সকলোৱে মৌন হৈ চাই ৰৈছিল আৰু নিজৰ মাজতে আলোচনা কৰিছিল— এমুঠি অন্নৰ সন্ধানত গৈ এনেদৰে অকালতে প্ৰাণ দিবলগীয়া হ’ল এজন প্ৰতিভাশালী যুৱকে। অঞ্চলটোৰ ৰাইজে বিজিতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে। বিজিতে মৃত্যুৰ সময়ত পিতৃ-মাতৃ, ভায়েক আৰু ভনীয়েক আৰু আত্মীয়-স্বজনক ইহসংসাৰত এৰি গৈছে।