নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতত ‘নেক ব্লাষ্ট’ৰ সংহাৰ : তিনি শতাধিক কৃষক ক্ষতিগ্ৰস্ত

বোকাখাত বিধানসভা সমষ্টিৰ অন্তৰ্গত দিচৈ গাঁও পঞ্চায়তৰ তিনি শতাধিক কৃষকৰ বৰোধানৰ পথাৰত বৰ্তমান ‘নেক ব্লাষ্ট’ (Neck Blast) নামৰ এক মাৰাত্মক ভেঁকুৰজাতীয় ৰোগে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। এই ৰোগৰ প্ৰকোপত গুটুং আৰু ধনশিৰি বৃহত্তৰ অঞ্চলৰ বিঘাই বিঘাই বৰোধানৰ খেতি ক্ষতিগ্ৰস্ত হোৱাত কৃষকসকল দিশহাৰা হৈ পৰিছে।

পথাৰত ৰোগৰ সংক্ৰমণৰ খবৰ লাভ কৰাৰ লগে লগে গোলাঘাট জিলা কৃষি বিষয়া ৰঞ্জন বৰাই ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। এই দলটোত বোকাখাত মহকুমা কৃষি বিষয়া মৃত্যুঞ্জয় শইকীয়াৰ লগতে চাৰিগৰাকীকৈ কৃষি উন্নয়ন বিষয়া উপস্থিত থাকে। বিষয়াৰ দলটোৱে আক্ৰান্ত পথাৰসমূহ স্বজমিন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় আৰু এই বিধ্বংসী ৰোগটো ‘নেক ব্লাষ্ট’ বুলি নিশ্চিত কৰে।

পৰিদৰ্শন কালতে কৃষি বিষয়া ৰঞ্জন বৰা আৰু মৃত্যুঞ্জয় শইকীয়াই ক্ষতিগ্ৰস্ত কৃষকসকলৰ সৈতে এক মতবিনিময় অনুষ্ঠানত মিলিত হয়। তেওঁলোকে কৃষকসকলক এই ৰোগৰ ভয়াবহতা আৰু ইয়াৰ প্ৰতিকাৰৰ বৈজ্ঞানিক পদ্ধতিসমূহ বিতংভাৱে বুজাই দিয়ে।

​পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কৃষি বিভাগে তাৎক্ষণিকভাৱে কৃষকসকলৰ মাজত ‘Tebuconazole’ (টেবুকনাজল) নামৰ এবিধ শক্তিশালী ভেঁকুৰনাশক ঔষধ বিতৰণ কৰে। এই দৰৱ সঠিক পৰিমাণত প্ৰয়োগ কৰিলে খেতিৰ অৱশিষ্ট অংশ ৰক্ষা পৰিব বুলি কৃষি বিষয়াদ্বয়ে কৃষকসকলক আশ্বাস প্ৰদান কৰে।

এই পৰিদৰ্শন কালত কৃষি বিষয়াৰ দলটোক সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় মহুৰা জিলা পৰিষদৰ সদস্য নৰেন বৰিয়ে। কৃষি বিভাগৰ এই দ্ৰুত পদক্ষেপ আৰু ঔষধ বিতৰণে এতিয়া ক্ষতিগ্ৰস্ত কৃষকসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে।

নিয়মীয়া বাৰ্তা, ​বোকাখাত, ৮ মে’

You might also like