নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ নতুন সেনা সৰ্বাধিনায়ক হ’ব এন এছ ৰাজা সুব্ৰমণি, নৌসেনাপ্ৰধানৰ নামো ঘোষণা কেন্দ্ৰৰ

ডিজিটেল ডেস্ক, ৯ মে’ : দেশৰ নতুন সেনা সৰ্বাধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছে এন এছ ৰাজা সুব্ৰমণিয়ে। শনিবাৰে পুৱা কেন্দ্ৰীয় চৰকাৰে এই নিযুক্তিৰ কথা ঘোষণা কৰে। চীফ অৱ ডিফেন্স ষ্টাফ (চিডিএছ) পদত অধিষ্ঠিত হোৱাৰ পাছত স্থলসেনা, নৌসেনা আৰু বায়ুসেনা— তিনিওটা বাহিনীৰ মুখ্য হিচাপে দায়িত্ব পালন কৰিব সুব্ৰমণিয়ে। বৰ্তমান এই পদত আছে জেনেৰেল অনিল চৌহান। অহা ৩০ মে’ত তেওঁৰ কাৰ্যকাল সমাপ্ত হ’ব। তাৰ পাছতেই চিডিএছ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সুব্ৰমণিয়ে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে চিডিএছৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সামৰিক বিষয়ক বিভাগৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিব তেওঁ।

ইয়াৰ লগতে দেশৰ নতুন নৌসেনাপ্ৰধানৰ নামো ঘোষণা কৰিছে কেন্দ্ৰই। ভাইচ এডমিৰেল কৃষ্ণ স্বামীনাথনে চলিত মাহৰ শেষৰফালে নৌসেনাপ্ৰধান হিচাপে দায়িত্ব ল’ব। বৰ্তমান নৌসেনাৰ মুখ্য পদত আছে ভাইচ এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠী। অহা ৩১ মে’ত তেওঁৰ কাৰ্যকাল শেষ হ’ব।

এন এছ ৰাজা সুব্ৰমণি ৰাষ্ট্ৰীয় ডিফেন্স একাডেমীৰ শিক্ষাৰ্থী আছিল। ১৯৮৫ চনত তেওঁ গড়ৱাল ৰাইফলছত যোগদান কৰে। কিছু বছৰ ব্ৰিটেইনৰ জয়েণ্ট ছাৰ্ভিচেছ কমাণ্ড ষ্টাফ কলেজতো কাৰ্যনিৰ্বাহ কৰিছিল। দেশলৈ উভতি অহাৰ পিছত তেওঁক পৰ্বত ব্ৰিগেডৰ ব্ৰিগেড মেজৰ হিচাপে নিযুক্তি দিয়া হয়। ইয়াৰ পিছত নেচনেল ডিফেন্স কলেজতো দায়িত্ব পালন কৰে সুব্ৰমণিয়ে।

৩৫ বছৰৰ দীঘলীয়া সামৰিক জীৱনত তেওঁ একাধিক সংঘাতপ্ৰৱণ অঞ্চলত গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছে। কাজাখস্তানস্থিত ভাৰতীয় দূতাৱাসতো কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ। সেনা বাহিনীত উৎকৃষ্ট অৱদানৰ বাবে বহু সন্মান লাভ কৰিছে সুব্ৰমণিয়ে।

২০২৩ চনত তেওঁ চেণ্ট্ৰেল কমাণ্ডৰ কমাণ্ডিং ইন চীফ জেনেৰেল অফিচাৰ হিচাপে নিযুক্ত হৈছিল। তাৰ পিছৰ বছৰতে দেশৰ ৪৭তম ভাইচ চিডিএছ হিচাপে দায়িত্ব গ্ৰহণ কৰে। সক্ৰিয় সামৰিক সেৱাৰ পৰা অৱসৰৰ পিছত বৰ্তমানলৈকে ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সামৰিক পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল তেওঁ। এইবাৰ তেওঁক তিনিওটা বাহিনীৰ মুখ্যৰ দায়িত্ব অৰ্পণ কৰা হৈছে।

আনহাতে, নতুন নৌসেনাপ্ৰধান কৃষ্ণ স্বামীনাথন বৰ্তমান মুম্বাইস্থিত পশ্চিম নেভেল কমাণ্ডৰ মুখ্য হিচাপে আছে। ইয়াৰ আগতে তেওঁ নৌসেনাৰ উপপ্ৰধানৰ দায়িত্ব পালন কৰিছিল। ক্ষেপণাস্ত্ৰবাহী ৰণতৰী আইএনএছ বিদ্যুৎ, আইএনএছ বিনাশ, ক্ষেপণাস্ত্ৰবাহী কৰভেট আইএনএছ কুলিশ, ক্ষেপণাস্ত্ৰ ধ্বংসকাৰী আইএনএছ মহীশূৰ আৰু বিমানবাহী ৰণতৰী আইএনএছ বিক্ৰমাদিত্যৰ কমাণ্ডাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল স্বামীনাথনে।

You might also like