নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইনী যুঁজত জয়ী : গোৰেশ্বৰ কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ প্ৰতিভা পাটোৱাৰীৰ

দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত অৱশেষত গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে ড০ প্ৰতিভা পাটোৱাৰীয়ে। প্ৰায় আঢ়ৈ বছৰ ধৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকা গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষ পদক লৈ চলি থকা বিতৰ্কৰ অৱসান ঘটিল এই নিযুক্তিৰ জৰিয়তে।

বিটিচি শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে ড০ প্ৰতিভা পাটোৱাৰীয়ে আনুষ্ঠানিকভাৱে মহাবিদ্যালয়খনৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰে। দায়িত্ব গ্ৰহণৰ পূৰ্বে তেওঁ পিতৃ তথা গোৰেশ্বৰ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শৰৎ চন্দ্ৰ পাটোৱাৰীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ড০ প্ৰতিভা পাটোৱাৰীৰ এই দায়িত্ব গ্ৰহণ অনুষ্ঠানত বিভিন্ন দল-সংগঠন, শুভাকাংক্ষী আৰু স্থানীয় ৰাইজে গামোচা-আৰনাইৰে উষ্ম আদৰণি জনায়। মহাবিদ্যালয়খনৰ নতুন অধ্যায়ৰ আৰম্ভণি হিচাপে এই দিনটো বিশেষ তাৎপৰ্যপূর্ণ বুলি বহুতে মন্তব্য কৰে।

ডিজিটেল ডেস্ক, ৯ মে’

You might also like