নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱৰ শাকতোলাত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত মহিলা

বঙাইগাঁও জিলাৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ শাকতোলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ মৃত্যু ঘটে আৰু এজন পুৰুষ গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, AS 15 F 0151 নম্বৰৰ এখন তীব্ৰবেগী i10 গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ৰেলিঙত খুন্দা মৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত থিতাতে নিহত হোৱা মহিলাগৰাকী বৰপেটা জিলাৰ সৰভোগ কলিতাপাৰাৰ দীপালী বালা দাস (৬০) বুলি জানিব পৰা গৈছে। আনহাতে, গুৰুতৰভাৱে আহত ব্যক্তি ৰঞ্জন কুমাৰ দাস (৬৫)। দুয়ো সম্বন্ধত পতি-পত্নী।

জানিব পৰা মতে, বঙাইগাঁৱৰ পৰা সৰভোগ কলিতাপাৰাস্থিত নিজ বাসগৃহলৈ উভতি গৈ থকা অৱস্থাত হঠাৎ গাড়ীখনৰ নিয়ন্ত্ৰণ হেৰুৱাই এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাৰ পিছতে আৰক্ষী আৰু স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি বঙাইগাঁওস্থিত ল’ৱাৰ অসম হাস্পতাললৈ প্ৰেৰণ কৰে। কিন্তু চিকিৎসকে দীপালী বালা দাসক মৃত ঘোষণা কৰে।

আহত ৰঞ্জন কুমাৰ দাস বৰ্তমান হাস্পতালখনত চিকিৎসাধীন হৈ আছে।

ডিজিটেল ডেস্ক, ৯ মে’

You might also like