উত্তৰ অসমত পুনৰ সক্ৰিয় হৈ উঠিছে চোৰাং গৰু সৰবৰাহকাৰী। নিৰ্বাচনী ফলাফল ঘোষণাৰ পিছতেই হঠাৎ সক্ৰিয় হৈ উঠা গো-মাফিয়াই উত্তৰ অসমৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে নিশা সৰবৰাহ কৰিবলৈ লৈছে গো-ধন। ধেমাজি, চিলাপথাৰ আদি এলেকাৰ পৰা নিশা ট্ৰাক আৰু বলেৰ’ পিকআপ ভানত চোৰাংকৈ গৰু সৰবৰাহ হোৱা কাৰ্যই উত্তৰ অসমত পুনৰ গৰু ছিণ্ডিকেট সক্ৰিয় হৈ পৰাৰ কথা স্পষ্ট কৰি তুলিছে।
গহপুৰ সমজিলাৰ হেলেম আৰক্ষী থানাৰ অধীনস্থ ঘাঁহিগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ অভিযানত আজি পুৱতি নিশা দুখন বলেৰ’ পিকআপ ভানসহ ২৫টাকৈ চোৰাং গৰু জব্দ হয় বুলি জানিব পৰা গৈছে। ধেমাজি জিলাৰ চিলাপথাৰৰ পৰা চোৰাংকৈ অনা ২৫টা গৰুসহ চাৰিজনক আটক কৰে ঘাঁহিগাঁও আৰক্ষীয়ে।
ঘাঁহিগাওঁ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আজি পুৱতি নিশা চিলাপথাৰৰ পৰা নগাঁও আমবাগানলৈ নি থকা অৱস্থাত ঘাঁহিগাঁৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এ আৰ-২২-৪৭২১ আৰু এএছ-২২ চি-৯৮৭৭ নম্বৰৰ দুখনকৈ বলেৰ’ পিকআপ জব্দ কৰাৰ লগতে উক্ত বলেৰ’ পিকআপ দুখনৰ পৰা ২৫টাকৈ চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হয় ৷ তদুপৰি আৰক্ষীয়ে এই সংক্ৰান্তত চিলাপথাৰ গেলুৱাৰ মুকুল আলী, নন্নেবাবু খান, ৰক্তিম নেওগ আৰু নগাঁও জিলাৰ আমবাগানৰ আবুল কাচেমক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে উত্তৰ অসমৰ মাজেৰে এনেদৰে এতিয়া প্ৰতিনিশা সৰবৰাহ হ’বলৈ লৈছে চোৰাং গৰু।