নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : জেনেৰিক দৰব

ৰোগীৰ জীৱন ৰক্ষা আৰু সুস্থতা নিশ্চিত কৰাত চিকিৎসকৰ ভূমিকা অতি গুৰুত্বপূর্ণ৷ কিন্তু বর্তমান সময়ত চিকিৎসা ব্যয় বৃদ্ধি পোৱাৰ ফলত বহু সাধাৰণ মানুহে দৰব কিনিবলৈও অসুবিধাৰ সন্মুখীন হৈছে৷ এনে পৰিস্থিতিত জেনেৰিক দৰব বিশেষভাৱে আলোচনাৰ বিষয় হৈ পৰিছে৷ জেনেৰিক দৰব হ’ল এনে ঔষধ যাৰ গুণগত মান আৰু কার্যক্ষমতা ব্রেণ্ডেড দৰবৰ সমান, কিন্তু দাম বহু কম৷ এই দৰব সাধাৰণ ৰোগীৰ বাবে আশীর্বাদস্বৰূপ৷ ইয়াৰ সঠিক ব্যৱহাৰ আৰু জনপ্রিয়তা বৃদ্ধি কৰাত চিকিৎসকৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ৷ বহু সময়ত দেখা যায় যে চিকিৎসকে ব্রেণ্ডেড দৰবৰ নাম বেছিকৈ লিখে৷ ইয়াৰ ফলত ৰোগীৰ ওপৰত অতিৰিক্ত আর্থিক হেঁচা পৰে৷ বিশেষকৈ দৰিদ্র আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এই ব্যয় বহন কৰাটো কঠিন হৈ উঠে৷ যদি চিকিৎসকে জেনেৰিক ঔষধৰ পৰামর্শ দিয়ে, তেন্তে ৰোগীয়ে কম দামতে একে মানৰ দৰব লাভ কৰিব পাৰে৷ সেয়েহে চিকিৎসকৰ নৈতিক দায়িত্ব হৈছে ৰোগীৰ আর্থিক অৱস্থাৰ কথাও বিবেচনা কৰা৷

অৱশ্যে কিছুমান ক্ষেত্রত চিকিৎসকসকলে জেনেৰিক দৰবৰ সুলভতা আৰু মান নিয়ন্ত্রণক লৈ সন্দেহ প্রকাশ কৰে৷ সকলো কোম্পানীৰ উৎপাদিত দৰব সমান মানৰ নহ’বও পাৰে৷ সেয়েহে চৰকাৰ আৰু ঔষধ নিয়ন্ত্রণ বিভাগে কঠোৰ নিৰীক্ষণ বজাই ৰখাটো অতি প্রয়োজন৷ চিকিৎসকসকলকো গুণগত মানসম্পন্ন জেনেৰিক দৰবৰ বিষয়ে সঠিক তথ্য আৰু বিশ্বাস প্রদান কৰিব লাগিব৷ চৰকাৰে ইতিমধ্যে জন–ঔষধি কেন্দ্রৰ জৰিয়তে সস্তীয়া ঔষধ প্রদান কৰাৰ চেষ্টা কৰিছে৷ কিন্তু এই পদক্ষেপ সফল হ’বলৈ চিকিৎসকৰ সক্রিয় সহযোগিতা অতি প্রয়োজনীয়৷ যদি চিকিৎসকে ৰোগীক জেনেৰিক দৰবৰ বিষয়ে সচেতন কৰাৰ লগতে সেই দৰব ব্যৱহাৰৰ বাবে ৰোগীক উৎসাহিত কৰে, তেন্তে ইতিবাচক পৰিৱর্তন আহিব পাৰে৷

চিকিৎসা ব্যয় ক্রমাগত বৃদ্ধি পাই অহাৰ সময়ত জেনেৰিক দৰব গুৰুত্বপূর্ণ বিকল্প হিচাপে পৰিগণিত হৈছে৷ ব্রেণ্ডেড ঔষধৰ তুলনাত ইয়াৰ দাম বহুত কম হোৱাৰ বাবে ই জনসাধাৰণক আর্থিক সকাহ দিয়ে৷ এই সুলভতাৰ আঁৰত মান আৰু নিৰাপত্তা নিশ্চিত হয়নে বুলি প্রশ্ণ উঠিব পাৰে৷ ক’ব পাৰি যে জেনেৰিক দৰব হৈছে মূল ব্রেণ্ডেড ঔষধৰ দৰে একে সক্রিয় উপাদান, মাত্রা আৰু কার্যপ্রণালীৰে উৎপাদিত ঔষধ৷ ইয়াৰ উৎপাদন খৰচ কম৷ কাৰণ প্রচাৰ, বিজ্ঞাপন বা ব্রেণ্ডিঙৰ খৰচ নাথাকে৷ জেনেৰিক ঔষধে চিকিৎসাৰ খৰচ ৫০–৮০ শতাংশপর্যন্ত কমাব পাৰে৷ ফলত সাধাৰণ মানুহৰ বাবে ইয়াৰ গ্রহণযোগ্যতা বৃদ্ধি পায়৷ ই চৰকাৰী আৰু ব্যক্তিগত চিকিৎসা ব্যৱস্থাত ব্যয় হ্রাস কৰে৷ দীর্ঘম্যাদী ৰোগ, যেনে- মধুমেহ, হূদৰোগ, উচ্চ ৰক্তচাপ আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধ অনায়াসে ক্রয় কৰিবলৈ সুযোগ দিয়ে৷ কেন্দ্রীয় চৰকাৰে ইয়াৰ প্রচাৰৰ বাবে জেনেৰিক মেডিচিন চেণ্টাৰ আৰু জন–ঔষধি কেন্দ্র স্থাপন কৰিছে৷ কিন্তু বাস্তৱত চিকিৎসকসকলে প্রায়েই ব্রেণ্ডেড ঔষধহে কিনিবলৈ উৎসাহিত কৰে, যাৰ আঁৰত কোম্পানীৰ প্রভাৱ বা মানৰ প্রতি অবিশ্বাস থাকিব পাৰে৷

অৱশ্যে জেনেৰিক দৰবৰ বিষয়ে কিছুমান বৈধ উদ্বেগো আছে৷ সাম্প্রতিক অধ্যয়নসমূহে দেখুৱাইছে যে ভাৰতত উৎপাদিত কিছু জেনেৰিক ঔষধত মান নিয়ন্ত্রণৰ অভাৱ থাকিব পাৰে, যাৰ ফলত গুৰুতৰ পার্শ্বক্রিয়াৰ সম্ভাৱনা বৃদ্ধি পায়৷ উন্নত দেশত উৎপাদিত জেনেৰিকৰ তুলনাত ভাৰতীয় কিছু ঔষধত অধিক বিৰূপ প্রতিক্রিয়া পৰিলক্ষিত হোৱা বুলি কোৱা হৈছে৷ ইয়াৰ মূল কাৰণ হ’ব পাৰে উৎপাদন প্রক্রিয়াৰ পার্থক্য, নিয়ন্ত্রণ আৰু পৰীক্ষণৰ অভাৱ৷ ইয়াৰ সমাধান কি? প্রথমতে, CDSCO (Central Drugs Standard Control Organisation) আৰু ৰাজ্যিক ঔষধ নিয়ন্ত্রক সংস্থাসমূহে মান নিয়ন্ত্রণ আৰু নিয়মিত পৰীক্ষণ বৃদ্ধি কৰিব লাগে৷ দ্বিতীয়তে, চিকিৎসকসকলক জেনেৰিক নামেৰে ব্যৱস্থাপনা–পত্র লিখিবলৈ ৰোগীক উৎসাহিত আৰু সচেতন কৰিব লাগে৷ তৃতীয়তে, জনসাধাৰণে নামী প্রতিষ্ঠানৰ জেনেৰিক প্রমাণিত ঔষধহে ব্যৱহাৰ কৰিব লাগে৷ উপযুক্ত নিয়ন্ত্রণ, গুণগত মান আৰু জনসজাগতাই জেনেৰিক দৰবৰ প্রচলনক উৎসাহিত কৰিব পাৰে৷

You might also like