নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ খানাপাৰাত দিনৰ ১১.৪০ বজাত মুখ্যমন্ত্রীৰ শপতগ্রহণ

ডিজিটেল ডেস্ক, ১১ মে’ : অসমত নতুন চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে ড০ হিমন্ত বিশ্ব শর্মাক আমন্ত্রণ জনাইছে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই৷ দেওবাৰে ৰাজ্যত পৰৱর্তী চৰকাৰ গঠন কৰিবলৈ বিজেপি তথা এনডিএৰ নেতা হিচাপে নির্বাচিত ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যপালক লোকভৱনত সাক্ষাৎ কৰি দাবী জনোৱাৰ পিছত সন্ধিয়াৰ ভাগলৈ ৰাজ্যপালগৰাকীয়ে ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে ড০ শর্মাক নিযুক্তি দিয়ে৷

ৰাজ্যপালগৰাকীৰ হৈ ৰাজ্যৰ মুখ্য সচিব ৰবি কোটাই স্বাক্ষৰ কৰা নির্দেশনা–পত্রত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই সংবিধানৰ ১৬৪ নম্বৰ অনুচ্ছেদৰ ১নং দফাৰ অধীনত ড০ হিমন্ত বিশ্ব শর্মাক ৰাজ্যৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে নিযুক্তি দিয়ে৷ নির্দেশনা–পত্রখনৰ জৰিয়তে চৰকাৰৰ সংসদীয় পৰিক্রমা বিভাগে অহা ১২ মে’ৰ দুপৰীয়া ১১.৪০ বজাত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নতুন চৰকাৰৰ শপতগ্রহণ সম্পন্ন হ’ব বুলি সদৰী কৰিছে৷

স্মর্তব্য যে অসমত পৰৱর্তী চৰকাৰ গঠনৰ দাবী লৈ দেওবাৰে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যক সাক্ষাৎ কৰে এনডিএৰ বিধায়িনী দলৰ নেতা ড০ হিমন্ত বিশ্ব শর্মাই৷ দলৰ ৰাষ্ট্রীয় পর্যবেক্ষক জে পি নাড্ডা, সহ–পর্যবেক্ষক নায়াব সিং ছাইনী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত যোৱা এনডিএৰ প্রতিনিধি দলক লগত লৈ মুখ্যমন্ত্রী পদৰ প্রার্থী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি অসমত পৰৱর্তী চৰকাৰ তেওঁৰ নেতৃত্বত গঠন কৰিবলৈ সন্মতি দিয়াৰ বাবে দাবীপত্র প্রদান কৰে৷

মুখ্যমন্ত্রী পদৰ প্রার্থী ড০ শর্মাই তেওঁৰ সমর্থনত ১০২জন এনডিএ বিধায়কে স্বাক্ষৰ কৰা দাবীপত্র ৰাজ্যপালগৰাকীৰ হাতত অর্পণ কৰে৷ মুখ্যমন্ত্রী পদৰ প্রার্থী ড০ হিমন্ত বিশ্ব শর্মা, বিধায়ক ৰামেশ্বৰ তেলী, বিধায়ক ৰিহণ দৈমাৰী, অজন্তা নেওগ, পীয়ূষ হাজৰিকা, অতুল বৰা, ৰণজিৎ কুমাৰ দাসকে ধৰি কেইবাগৰাকীও বিধায়কে ৰাজভৱনলৈ গৈ ৰাজ্যপালৰ হাতত এনডিএৰ চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে৷ ৰাজ্যপালৰ হাতত প্রদান কৰা দাবীপত্রত বিজেপি তথা এনডিএৰ বিধায়িনী দলৰ নেতা হিচাপে ঘোষিত ড০ হিমন্ত বিশ্ব শর্মাই তেওঁৰ সমর্থনত বিজেপিৰ বিধায়কসকলৰ লগতে এনডিএৰ অংশীদাৰী অগপ আৰু বিপিএফৰ ১০গৰাকীকৈ বিধায়কৰ সমর্থন আছে বুলি ব্যক্ত কৰে৷

ইয়াৰ পূর্বে দেওবাৰে পুৱা বশিষ্ঠৰ বাজপেয়ী ভৱনত হোৱা এনডিএৰ বিধায়কসকলৰ বৈঠকত ড০ হিমন্ত বিশ্ব শর্মাক নেতা হিচাপে ঘোষণা কৰা হয়৷ বিজেপিৰ হৈ দলৰ ৮গৰাকী বিধায়ক ক্রমে ৰণজিৎ কুমাৰ দাস, বিশ্বজিৎ দৈমাৰী, অজন্তা নেওগ, ৰাজদীপ ৰয়, অশোক সিংহল, পীয়ূষ হাজৰিকা, চক্রধৰ গগৈ আৰু ৰামেশ্বৰ তেলী এই আঠগৰাকীয়ে ড০ হিমন্ত বিশ্ব শর্মাৰ নাম বিধায়িনী দলৰ নেতা হিচাপে প্রস্তাৱ কৰে৷ এই প্রস্তাৱক বিজেপিৰ আন ৭২জন বিধায়কে সর্বসন্মতিক্রমে সমস্বৰে সমর্থন কৰে৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় এনডিএৰ বিধায়িনী দলৰ বৈঠক৷ এই বৈঠকত অগপৰ ১০গৰাকী বিধায়ক আৰু বিপিএফৰ ১০গৰাকী নির্বাচিত বিধায়কৰ উপস্থিতিত অগপৰ সভাপতি তথা বোকাখাত সমষ্টিৰ পৰা নির্বাচিত হৈ অহা অতুল বৰা আৰু বিপিএফৰ হৈ দলৰ নেতা ৰিহণ দৈমাৰীয়ে এনডিএৰ নেতা হিচাপে ড০ হিমন্ত বিশ্ব শর্মাৰ নাম অসমৰ পৰৱর্তী মুখ্যমন্ত্রী হিচাপে প্রস্তাৱ কৰে৷

এনডিএৰ দ্বাৰা প্রস্তাৱিত আৰু গৃহীত হোৱা অনুসৰি মুখ্যমন্ত্রী পদৰ প্রার্থী হিচাপে ড০ শর্মাই ৰাজ্যপালৰ ওচৰত তেওঁক চৰকাৰ গঠন কৰিবলৈ দাবী জনায়৷ ৰাজ্যপালৰ সাক্ষাতৰ পিছতেই সংবাদ মাধ্যমৰ আগত ৰাষ্ট্রীয় পর্যবেক্ষক জে পি নাড্ডাই অসমত আগন্তুক চৰকাৰ গঠন কৰিবলৈ বিজেপি তথা এনডিএক জনসমর্থন দিয়াৰ বাবে অসমবাসীক ধন্যবাদ জ্ঞাপন কৰে৷

You might also like