নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰৰ ইংগিত পুটিনৰ

ডিজিটেল ডেস্ক, ১১ মে’ : সুদীর্ঘ চাৰি বছৰ ধৰি চলা ৰাছিয়া-ইউক্রেইন যুদ্ধ সমাপ্তিৰ দিশত৷ তেনে এটা ইংগিতকেই দিলে ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে৷ সূত্রৰ খবৰ মতে, দুয়োখন ৰাষ্ট্রৰ মাজত চলি থকা সংঘাত ৰোধ কৰিবলৈ ইচ্ছুক হৈ উঠিছে তেওঁ৷ শীঘ্রেই তেওঁ ইউক্রেইনৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিব পাৰে বুলিও খবৰ ওলাইছে৷

ৰাছিয়াৰ বিজয় দিৱস উপলক্ষে শনিবাৰে মস্কোত এটা অনুষ্ঠানত যোগ দিছিল ৰাষ্ট্রপতি পুটিনে৷ তাত সাংবাদিকৰে মুখামুখি হৈ তেওঁ কয়– ‘আমাৰ ধাৰণা হয় যে এই দীঘলীয়া সংঘাত এইবাৰ শেষ হ’বলৈ ওলাইছে৷’ তেওঁৰ এই মন্তব্যক ইতিবাচক বুলি ধাৰণা কৰিছে ইউৰোপৰ দেশসমূহে৷ ইউৰোপৰ এগৰাকী কূটনীতিকে কয়– ‘ধাৰণা হৈছে মস্কোৱে ইংগিত দিবলৈ বিচাৰিছে যে আলোচনা (বুজাপৰা) আৰু টেবুলৰ বাহিৰত নহয়৷’ এনেদৰে ৰুছ ৰাষ্ট্রপতিগৰাকীৰ এই মন্তব্যৰ পিছতেই কূটনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চর্চা৷ কাৰণ ক্রেমলিনে বছৰৰ পিছত বছৰ ধৰি ইউক্রেইনৰ ওপৰত নিজৰ সামৰিক শক্তি প্রদর্শন কৰি আহিছে৷ কিন্তু হঠাতে ৰুছ ৰাষ্ট্রপতিগৰাকীৰ কথাত নৰম সুৰ ওলোৱাত দুয়োখন বিবদমান দেশে যেন এতিয়া শান্তি চুক্তি স্বাক্ষৰৰ সপোন দেখিছে৷

ইফালে, শুকুৰবাৰে ৰাছিয়া–ইউক্রেইনৰ তিনিদিনীয়া এক যুদ্ধবিৰতি কার্যকৰী কৰাৰ কথা ঘোষণা কৰে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ সামাজিক মাধ্যম ‘ট্রুথ ছ’চিয়েল’ত তেওঁ লিখিছে– ‘আমি অত্যন্ত আনন্দৰ সৈতে ঘোষণা কৰিছোঁ যে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলা যুদ্ধ তিনি দিনৰ বাবে বন্ধ থাকিব৷’

ইয়াৰ পিছতেই জেলেনস্কিয়ে তেওঁৰ এক্স হেণ্ডেলত এই কথা নিশ্চিত কৰে যে চাৰি বছৰৰো অধিক সময় ধৰি চলা এই যুদ্ধ বন্ধৰ ক্ষেত্রত মার্কিন প্রচেষ্টাৰ অংশ হিচাপে এই তিনি দিনৰ সাময়িক যুদ্ধবিৰতিৰ ব্যৱস্থা কৰা হৈছে৷

উল্লেখ্য যে প্রায় চাৰি বছৰ ধৰি যুদ্ধ অব্যাহত আছে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত৷ মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে একাধিকবাৰ যুদ্ধ ৰোধ কৰিবলৈ চেষ্টা কৰিছে যদিও বিশেষ সমাধান সূত্র ওলোৱা নাই৷ দুয়োখন দেশৰ ৰাষ্ট্রপতি দুগৰাকীৰ সৈতে সুকীয়া সুকীয়াকৈ বৈঠকতো মিলিত হৈছে তেওঁ৷ কিন্তু সমাধান সূত্র উলিওৱাৰ ক্ষেত্রত এই বৈঠকেও কোনো কাম নিদিলে৷ এনে পৰিস্থিতিৰ মাজতে ইউক্রেইনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ কৰি স্থায়ীভাৱে যুদ্ধ বন্ধৰ ইংগিত দিলে ৰাষ্ট্রপতি পুটিনে৷

You might also like