নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বজুৰি অস্থিৰতাৰ মাজতে দেশবাসীক ৭টা বিশেষ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

পশ্চিম এছিয়াত বৃদ্ধি পোৱা সংঘাত আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেল ১০৫ ডলাৰৰ ওপৰলৈ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত দেশবাসীক ৭টা বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এই সাতটা আহ্বানৰ মূল উদ্দেশ্য হৈছে বৈশ্বিক অস্থিৰতাৰ পৰা ভাৰতীয় অৰ্থনীতি সুৰক্ষিত ৰখা, বৈদেশিক মুদ্ৰাৰ ভাণ্ডাৰ সংৰক্ষণ কৰা আৰু আমদানিনিৰ্ভৰতা হ্ৰাস কৰা।

পুনৰ “ৱৰ্ক ফ্ৰম হোম” ব্যৱস্থা গ্ৰহণৰ আহ্বান
ক’ভিড মহামাৰীৰ সময়ত ব্যৱহৃত দূৰৱৰ্তীভাৱে কাম কৰা, ভাৰ্চুৱেল বৈঠক আৰু ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাক পুনৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে, যাতে দৈনিক যাতায়াত আৰু ইন্ধন ব্যৱহাৰ হ্ৰাস পায়।

বছৰৰ বাবে সোণ ক্ৰয় পৰিহাৰৰ আহ্বান
ভাৰতত অধিকাংশ সোণ বিদেশৰ পৰা আমদানি কৰা হয়। সেইবাবে বৈদেশিক মুদ্ৰা সংৰক্ষণ আৰু বাণিজ্য ঘাটি হ্ৰাসৰ বাবে এবছৰৰ বাবে সোণ নিকিনিবলৈ দেশবাসীক অনুৰোধ জনাইছে।

পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ কমোৱাৰ আহ্বান
জনসাধাৰণক মেট্ৰ’ আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰ, কাৰ্পুলিং আৰু বৈদ্যুতিক বাহন (EV) গ্ৰহণৰ আহ্বান জনোৱা হৈছে।

খাদ্যতেলৰ ব্যৱহাৰ সীমিত কৰাৰ পৰামৰ্শ
আমদানি-নিৰ্ভৰ খাদ্যতেলৰ ব্যৱহাৰ কমাই সজাগভাৱে খৰচ কৰিবলৈ দেশবাসীক আহ্বান জনোৱা হৈছে।

প্ৰাকৃতিক কৃষিৰ দিশে আগবাঢ়িবলৈ আহ্বান
কৃষকসকলক ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা কমাই প্ৰাকৃতিক কৃষি পদ্ধতি গ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে।

স্বদেশী সামগ্ৰী ব্যৱহাৰৰ আহ্বান
বিদেশী সামগ্ৰীৰ পৰিৱৰ্তে ভাৰতীয় ব্ৰেণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি আত্মনিৰ্ভৰ ভাৰত গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

এবছৰৰ বাবে বিদেশ ভ্ৰমণ পৰিহাৰৰ আহ্বান
বিশেষকৈ মধ্যবিত্ত শ্ৰেণীক বিদেশ ভ্ৰমণ, ডেষ্টিনেচন ৱেডিং আদি পৰিহাৰ কৰি দেশৰ ভিতৰতে ব্যয় কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

কিয় এই আহ্বান?

শক্তি সুৰক্ষা সংকট
ভাৰতত প্ৰায় ৮৮ শতাংশ খাৰুৱা তেল বিদেশৰ পৰা আমদানি কৰা হয়। আমেৰিকা-ইৰান সংঘাতে বিশ্ববজাৰত ইন্ধনৰ যোগান আৰু মূল্যক অস্থিৰ কৰি তুলিছে।

অৰ্থনীতি সুৰক্ষাৰ প্ৰচেষ্টা
সোণ আৰু বিদেশ ভ্ৰমণৰ দৰে “অ-প্ৰয়োজনীয়” আমদানি কমাই ভাৰতীয় টকাৰ ওপৰত ডলাৰৰ চাপ হ্ৰাস কৰাৰ লক্ষ্য লৈছে চৰকাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ক’ভিড মহামাৰীৰ সময়ত দেশবাসীয়ে যিধৰণে খাপ খুৱাই লৈছিল, সেই অভিজ্ঞতাই এই “অৰ্থনৈতিক যুদ্ধ” মোকাবিলাতো সহায় কৰিব।

ডিজিটেল ডেস্ক, ১১ মে’

You might also like